ঃ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বাংলাদেশৰ পৰা এতিয়াও অবাধে বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰি আছে বুলি সময়ে সময়ে অভিযোগ কৰি আহিছে। আনহাতে, ইয়াৰ মাজতে ভাৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনীৰ (বিএছএফ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রণ্টিয়াৰ মুখ্য কার্যালয়েও বাংলাদেশী অনুপ্ৰৱেশকাৰী যাতে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছে। এই সতর্কতাৰ মাজতে ২০ আৰু ২১ জুলাই এই দুটা দিনত চুবুৰীয়া পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ সেউতি গাঁৱৰ সীমান্তৰে অসমৰ ধুবুৰী জিলাত প্ৰৱেশ কৰিব বিচৰা দহজন বাংলাদেশীক আটক কৰে। বিএছএফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি আটক হোৱা দহজন বাংলাদেশীৰ ভিতৰত আছে চাৰিটা শিশু, তিনিজনকৈ পুৰুষ আৰু মহিলা। অৱশেষত ধৃত আটাইকেইজন বাংলাদেশীক ২১ জুলাইত বিয়লি কোচবিহাৰ জিলাৰ সংশ্লিষ্ট এলেকাৰ স্থানীয় আৰক্ষী থানাত বিএছএফে গতাই দিয়ে। জানিব পৰা মতে ধৃত বাংলাদেশীকেইজনক বিএছএফে ধৰিব নোৱাৰিলে কোচবিহাৰৰ পৰা মাত্র এক ঘণ্টাতকৈ কম দূৰত্বৰ তথা সংখ্যালঘু অধ্যুষিত জিলা হিচাপে পৰিচিত ধুবুৰীত অতি সহজে প্ৰৱেশ কৰাৰ আশংকা আছিল । ইফালে, কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে পূৰ্বতেও আশংকা কৰা ধৰণে পি এফ আই , চি এফ আই , জে এম বিকে ধৰি কেইবাটাও ভাৰত বিৰোধী ইছলামিক মৌলবাদী সংগঠনে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা বাংলাদেশী মুছলমান সকলক অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আনকি ৰেচন কাৰ্ডপৰ্যন্ত প্রস্তুত কৰি দি তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান