কৌস্তৱৰ গৱেষণা পত্ৰত নতুনৰ সন্ধান

0 305

মানৱ জাতিক সৰ্বাংগীন বিকাশ কৰাৰ বাবে বিজ্ঞানক ক্ষেত্ৰ হিচাপে বাছি ল’লো।মানুহে কয় সমস্যা বিলাক নেওচি আগবাঢ়িব লাগে।কিন্তু মই ভাবো সমস্যা বিলাক সমাধান কৰিহে আগবাঢ়িব লাগে।এই মন্তব্য অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্যৰ।উল্লেখযোগ্য যে কৌস্তৱে বিশ্বৰ কনিষ্ঠ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ কৰিছে।মহানগৰীৰ বৰবাৰী কৌস্তৱৰ গৱেষণা পত্ৰই সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰিছে।কৌস্তৱৰ নিজা উদ্ভাৱন Naval vest আৰু Thoery of direction ৰ বাবে ফিনলেণ্ড আৰু ইটালীত অনুষ্ঠিত হ’ব লগা চায়েঞ্চ কনফাৰেঞ্চলৈ অামন্ত্ৰণ লাভ কৰিছে।হেলমেটৰ ওপৰত কৰা গৱেষণাৰ বাবে Google HQ লৈ আমন্ত্ৰণ লাভ কৰিছে।জানিব পৰা প্ৰসিদ্ধ জাৰ্ণেল স্কাই ভিজনত কৌস্তৱৰ গৱেষণা পত্ৰ প্ৰকাশ পাব।কৌস্তৱৰ এনে সফলতাই পিতৃ মাতৃৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰুলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.