অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তি অধিকাৰ (Intellectual Property right, IPR) কোষ আৰু শিক্ষানুষ্ঠানৰ উদ্ভাৱন পৰিষদৰ উদ্যোগত উদ্যোমিতা আৰু পেটেণ্টৰ ওপৰত দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় । সপ্তাহৰ দুটাকৈ শনিবাৰে আয়োজন কৰা এই কৰ্মশালাখনিত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ (ASTEC) পেটেণ্ট তথ্য কেন্দ্ৰই সহযোগিতা আগবঢ়ায় । উদ্যোমিতাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি শিক্ষাৰ্থীসকলক উদ্যোমিতাৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ উদগণি যোগোৱাই এই কৰ্মশালাখনিৰ মুখ্য উদ্দেশ্য আছিল । কৰ্মশালাখনিত উদ্যোমিতাৰ লগত জড়িত পেটেণ্টৰ ওপৰতো সম্যক জ্ঞান প্ৰদান কৰা হয় । দুদিনীয়া এই কৰ্মশালাখনিত ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠানৰ (IIE) মুখ্য অনুষ্ঠান সমন্বয়ক শ্ৰী অচিন্ত্য কুমাৰ বৰুৱা, বাংগালোৰৰ ইলেকনভ’ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাতা তথা পৰিচালন সঞ্চালক ৰাতুল বৰা, সঞ্চালক পাৰ্থ প্ৰতীম পাঠক, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰবক্তা ড০ জুপি গগৈ, বাংগালোৰৰ নিউ হৰাইজন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক আৰু গৱেষণা আৰু উন্নয়নৰ সহযোগী অধ্যক্ষ ভি অগল্য আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰৰ বিজ্ঞানী-চি শ্ৰী সিদ্বাৰ্থ দেৱনাথে সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা