অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনত বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তি অধিকাৰ (Intellectual Property right, IPR) কোষ আৰু শিক্ষানুষ্ঠানৰ উদ্ভাৱন পৰিষদৰ উদ্যোগত উদ্যোমিতা আৰু পেটেণ্টৰ ওপৰত দুদিনীয়াকৈ এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় । সপ্তাহৰ দুটাকৈ শনিবাৰে আয়োজন কৰা এই কৰ্মশালাখনিত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ (ASTEC) পেটেণ্ট তথ্য কেন্দ্ৰই সহযোগিতা আগবঢ়ায় । উদ্যোমিতাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰি শিক্ষাৰ্থীসকলক উদ্যোমিতাৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ উদগণি যোগোৱাই এই কৰ্মশালাখনিৰ মুখ্য উদ্দেশ্য আছিল । কৰ্মশালাখনিত উদ্যোমিতাৰ লগত জড়িত পেটেণ্টৰ ওপৰতো সম্যক জ্ঞান প্ৰদান কৰা হয় । দুদিনীয়া এই কৰ্মশালাখনিত ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠানৰ (IIE) মুখ্য অনুষ্ঠান সমন্বয়ক শ্ৰী অচিন্ত্য কুমাৰ বৰুৱা, বাংগালোৰৰ ইলেকনভ’ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাতা তথা পৰিচালন সঞ্চালক ৰাতুল বৰা, সঞ্চালক পাৰ্থ প্ৰতীম পাঠক, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰবক্তা ড০ জুপি গগৈ, বাংগালোৰৰ নিউ হৰাইজন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক আৰু গৱেষণা আৰু উন্নয়নৰ সহযোগী অধ্যক্ষ ভি অগল্য আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰৰ বিজ্ঞানী-চি শ্ৰী সিদ্বাৰ্থ দেৱনাথে সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে ।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন