খেলো ইণ্ডিয়াত স্বৰ্ণ পদক বিজয়ী সূৱৰ্ণ কলিতাৰ বাসগৃহত কংগ্ৰেছ নেত্ৰী জুৰী শৰ্মা বৰদলৈ

0 222

যোৱা ১০ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়াত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল পশ্চিম গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৱৰ্তীৰ যোগীপাৰাৰ সূৱৰ্ণ কলিতাই । অসমৰ হৈ ৪০০মিটাৰ ২১ অনুৰ্ধৰ শিতানত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা সূৱৰ্ণ কলিতাৰ বাসগৃহত এতিয়া আনন্দমুখৰ পৰিবেশ । সুৱৰ্ণৰ এই সফলতাক স্থানীয় দল সংগঠন, জনপ্ৰতিনিধিকে আদি কৰি ৰাইজে শুভেচ্ছা জনাইছে  ।বৃহস্পতিবাৰে সুৱৰ্ণ কলিতাৰ বাসগৃহত  কংগ্ৰেছ নেত্ৰী জুৰী শৰ্মা বৰদলৈসহ কেইবাজনলোক উপস্থিত থাকে । ৰাণী ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী দেৱ বড়ো নাথ , দিপেন বৰুৱা , পশ্চিম গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ সভাপতি ৱাচিম আক্ৰামৰ লগতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত জুৰী শৰ্মা বৰদলৈয়ে সূৱৰ্ণক সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনত প্ৰয়োজন অনুসৰি যিকোনো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নেত্ৰী গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.