গছপুলি ৰোপনেৰে ‘শ্যামলিমা কামৰূপৰ’ শুভাৰম্ভ

0 237

কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সৌজন্যত বালিপাৰা ফাউণ্ডেচনৰ সহযোগত তথা ৰঙিয়াৰ স্বেচ্ছাসেৱী সংস্থা “সাধনা”ৰ উদ্যোগত অসম চৰকাৰৰ “শ্যামলিমা কামৰূপ আঁচনি খনৰ বিছেন্নালা আৰু বৈদ্যগড় পঞ্চায়তৰ বুধবাৰে শুভাৰম্ভ কৰা হয়। ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই এজোপা অতি মুল্যবান গছপুলি ৰোপণেৰে উক্ত আঁচনিখনৰ শুভাৰম্ভ কৰি এখন সুন্দৰ বনাঞ্চল আৰু সেউজ ৰঙিয়া গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনায়। উক্ত কার্যসূচী খনত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি(অ) জাভীৰ ৰাহুল সুৰেশ, খণ্ড উন্নয়ন বিষয়া ধনজিত দত্ত, ভাজপা উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল, পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা,
দন্ত চিকিৎসক ডাঃ খবিৰুদ্দিন আহমেদ, ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰাণু চৌধুৰী, পঞ্চায়তৰ প্ৰতিনিধি সকল, স্বেচ্ছাসেৱী সংস্থা সাধনা’ৰ সভাপতি, সম্পাদকৰ লগতে বালিপাৰা ফাউণ্ডেছনৰ বিষয়ববীয়াসকলৰ আৰু স্থানীয় সমাজ সচেতন ৰাইজ উপস্থিত থাকি বৃহৎ সংখ্যক মূল্যবান গছপুলি ৰোপণ কৰে। উল্লেখ্য যে বালিপাৰা ফাউণ্ডেছনৰ পৰা যোগান ধৰা ২০ হাজাৰ বিভিন্ন ধৰণৰ ফল-মূল আৰু ঔষধি গছপুলি দহ দিনৰ ভিতৰত স্বেচ্ছাসেৱী সংস্থা সাধনাৰ উদ্যোগত স্থানীয় কৰ্মীসকলৰ দ্বাৰা প্ৰতিদিনে দুয়োটা ঠাইতে ২০০০ টা গছপুলি ৰোপণ কৰা হ’ব বুলি সংস্থাটোৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.