গছপুলি ৰোপনৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ প্ৰচেষ্টাৰে টীয়কত বিশ্ব পৰিবেশ দিৱস উদযাপন

0 357

বিশ্বৰ অন্যপ্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । টীয়কত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ সহযোগত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়,ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়,আৰক্ষী থানাকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপনৰ এক কাৰ্যসূচী ৰূপায়ন কৰে।উল্লেখযোগ্য যে বিশেষকৈ পাৰকিয়া প্ৰজাতিৰ এক গছপুলি ৰোপনৰ ব্যৱস্থা কৰিছে এই গৱেষণা কেন্দ্ৰটোৱে।লগতে এই পাৰকিয়া গছে প্ৰকৃতিৰ সুৰক্ষাৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱেও সকলোকে স্বাৱলম্বী কৰিব বুলি জানিবলৈ দিছে ।সেয়ে আজিৰ এই বিশেষ দিনটোত সকলোকে এই পাৰকিয়া গছপুলি ৰোপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।এই কাৰ্যসূচীত মেচ কছাৰী যুৱ পৰিষদৰ লগতে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষকগোট তথা বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায়।
বাতৰি যুগুত কৰিলে টীয়কৰ পৰা উৎপল খাউণ্ডে..

Leave A Reply

Your email address will not be published.