বিভিন্ন জাতি- জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বীৰ মিলন তীৰ্থ অসমভূমি। বৰ্তমান সময়ত ৰাজ্যখনত সমন্বয়ৰ যেন অভাব ঘটিছে। দক্ষিণ কামৰূপ সচেতন মঞ্চই সমগ্র দক্ষিণ কামৰূপ অঞ্চলত এক সমন্বয়-সংহতি স্থাপনৰ বাবে এলানি কাৰ্যসূচী লৈছে। আজি সচেতন মঞ্চই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র পীঠস্থান গীৰ্জাই – গীৰ্জাই বৃক্ষৰোপণ কৰি ভাৱৰ আদান প্ৰদান কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক-লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য সীমান্ত দাস, ধৰ্মেন্দ্ৰ দাস, বিমল নাথৰ নেতৃত্বত গীৰ্জাবোৰত গৈ সমাজ আগবাঢ়ি যোৱাত সমন্বয়ৰ, ঐক্যতাৰ প্ৰয়োজনীয়তা, বৃক্ষৰোপণৰ দায়িত্বৰ ওপৰত আলোচনা কৰে। পলাশবাৰী সমষ্টিৰ ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ৰোমান কেথলিক চাৰ্চ, পশ্চিম গুৱাহাটী সমষ্টিৰ বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চ, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চ, ৰাণী- মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চ, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত বকুল, আমলখি, ভোমোৰা, শিলিখা, মহানিম, জলফাই আদি গছৰ পুলি ৰোপন কৰে। এই কাৰ্যসূচীত ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চত লাচিত ৰাভা, বিৰাজ ৰাভা, কোহিমা ৰাভা, মিনতি ৰাভা, বৰজুলি ব্যপ্তিষ্ট চাৰ্চত লিন মাৰাক, সঞ্জীব মাৰাক, বৰজুলি ৰোমান কেথলিক চাৰ্চত প্ৰদীপ চাংমা, মলিনা চংমা, মনিল চাংমা, বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চত ইয়ুব ৰাভা, অনিল ৰাভা, দিগন ৰাভা, মুনীন্দ্ৰ ৰাভা, কল্যাণী ৰাভা, অনুপ ৰাভা, মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চত মীনা চাংমা, এবলুন চাংমা, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত পিতৰ মাৰাক, নৰমিচ চাংমা, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চত প্ৰদীপ চাংমা প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকে প্ৰতি গীৰ্জাত অংশ লয়। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- ধৰ্ম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ভগৱান এক। ঈশ্বৰক উপাসনা কৰা মাধ্যম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু উদ্দেশ্য এটাই। গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছেহে মানুহক জীয়াই ৰাখিছে। প্ৰতিজন মানুহে গছক সন্মান কৰাৰ লগতে সাদৰ আদৰ কৰা উচিত। মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- সচেতন মঞ্চৰ পৰা সমগ্র দক্ষিণ কামৰূপ অঞ্চলত মিলনভূমি হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে। গছ ৰুই পৰিৱেশ নিকা কৰাৰ চিন্তা কৰিছে। এইক্ষেত্ৰত সকলোৰে সহযোগিতা লাগিব।
Trending
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা