গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ আগবঢ়োৱা হ’ল দেশৰ তৃতীয়টো সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৱে সুন্দৰ পিচাইক প্ৰদান কৰে এই সন্মান।মাদুৰাইৰ পৰা মাউন্ট ভিউলৈ সুন্দৰ পিছাইৰ যি যাত্ৰা,সেই যাত্ৰা যেন সুন্দৰ পিছাইৰ ব্যক্তিগত যাত্ৰা নহয়।এই যাত্ৰাই সময়ে সময়ে শক্তিশালী কৰি আহিছে ভাৰত আমেৰিকাৰ মাজৰ অৰ্থনৈতিক,তথ্য-প্ৰযুক্তি বিদ্যাৰ সমন্বয়ৰ জৰীডাল।ইয়াৰ ওপৰিও ভাৰতীয় নৱ -প্ৰজন্মৰ প্ৰতিভাক বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিয়াটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সুন্দৰ পিছায়ে।উল্লেখ্য যে দেশৰ ৭৩ তম গণৰাজ্য দিৱসত সুন্দৰ পিছাইলৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰু তাৰ পাছত চলিত বৰ্ষৰে ২ ডিছেম্বৰত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীলৈ আগবঢ়োৱা হয় এই সন্মান ।এই সন্মান গ্ৰহণ কৰি সুন্দৰ পিছায়ে মন্তব্য প্ৰকাশ কৰে যে ভাৰতবৰ্ষ তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। জীৱনৰ প্ৰতি মূহুৰ্তত তেখেত ভাৰতবাসীক কঢ়িয়াই ফুৰিব নিজৰ অন্তৰত। ইয়াৰ ওপৰিও এনে এক সন্মানৰ বাবে তেখেত ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ বুলিও ভাষ্য প্ৰদান কৰে মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য