সমাগত মাঘ বিহু।প্ৰতিবাদৰ মাজতে হেঁপাহৰ বিহুটিক আদৰিবলৈ ৰাজ্যবাসী সাজু হৈ উঠিছে।প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰি উলিয়াইছে।ভোগালী বিহুৰ প্ৰস্তুতি তুংগত ৰহা আমনিশালীবাসীৰ।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সজা পাহাৰসদৃশ ভেলাঘৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।প্ৰকৃতি সুৰক্ষাৰ থীম লৈ ভাস্কর্যশিল্পী ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰিছে এই পাহাৰ আকৃতিৰ ভেলাঘৰ।প্ৰকৃতি বচোৱা মানে নিজক বচোৱা শীর্ষক কথাৰে ভেলাঘৰটোৰ ওপৰত এহাল পুৰুষ মহিলাই বৃক্ষৰোপন কৰা দেখুওৱা হৈছে।ইয়াৰ দ্বাৰা শিল্পীজনে এই কথা বুজোৱাৰ প্ৰয়াস কৰিছে যে গছ গছনি কাটি পাহাৰ ধ্বংস হোৱাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতা বিনষ্ট হৈছে,সেয়েহে আমি গছ ৰোপন কৰি প্ৰকৃতি সুৰক্ষা কৰিব লাগিব।ইয়াৰোপৰি তেওঁ চাংঘৰ,টঙিঘৰ,গছ-গছনি সাজি উলিয়াইছে।প্ৰায় এমাহজোৰা প্ৰচেষ্টাত নিৰ্মাণ কৰা এই ভেলাঘৰৰ বাবদ সত্তৰ হাজাৰ টকা খৰচ হৈছে বুলি জানিব পৰা গৈছে।আৰ্থিক দৈন্যতাকো নেওচি শিল্পী ভগৱান সেনাপতিয়ে নিজৰ সৃষ্টিৰে আমনিশালীত প্ৰতি বছৰে ন ন আৰ্হিত ভেলাঘৰ সাজি আহিছে।উল্লেখ্য যে শিল্পীজনে এনে প্ৰতিভাৰ বাবে পুৰস্কৃত হৈছে।পথৰ দাঁতিতে থকা এই ভেলাঘৰ চাবলৈ যথেষ্ট লোকৰ সমাগম হৈছে।আনহাতে মঙ্গলদৈ অহকা গাঁৱৰ ৰাইজৰ ব্যতিক্রমী প্ৰচেষ্টাত এইবাৰৰ ভোগালী বিহু।ৰাইজে বাছৰ আৰ্হিত নিৰ্মাণ কৰিলে ভেলাঘৰ।প্ৰতীকি ৰূপত কা’ৰ বিৰোধীতাৰে নিৰ্মাণ কৰা হ’ল বাছখন।বিৰোধীতাৰ মাজতে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ মন মেলিছে অহকাবাসীয়ে।অসমত থকা বিদেশীসকলক বাছত তুলি বাংলাদেশ পঠোৱাৰ প্ৰতিকী অৰ্থবহ এই ভেলাঘৰ বৰ্তমান প্ৰাসঙ্গিক হৈ পৰিছে।সেয়েহে এই বাতৰি এন ই ফ’কাচত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি