গুৱাহাটীত প্ৰথমবাৰৰ বাবে IPL ৰ দুখনকৈ মেচ

0 136

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে আইপিএলৰ দুখন মেচ। শুক্ৰবাৰে প্ৰকাশ পোৱা ২০২৩ আইপিএলৰ সম্পূৰ্ণ সময়সূচীত গুৱাহাটীত অনুষ্ঠিত হোৱাতো নিশ্চিত হৈছে।৩১ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া টাটা আইপিএলত ৰাজস্থানে ৰয়েলছে গুৱাহাটীক দ্বিতীয় হোম টাওন হিচাপে লৈছে। যাৰ পৰিপ্ৰেক্ষিততেই গুৱাহাটীৰ বাৰ্ষাপাৰা ষ্টেডিয়ামত ৫ আৰু ৮ এপ্ৰিলত দুখনকৈ মেচ অনুষ্ঠিত হ’ব।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মেচ (৫ এপ্ৰিল) ৰাজস্থান ৰয়েলছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে আৰু দ্বিতীয়খন মেচ (৮ এপ্ৰিল) দিল্লী কেপিটেলছৰে মুখামুখি হ’ব।

উল্লেখযোগ্য যে, বিগত বহু সময় ধৰি অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছক দ্বিতীয় হোম টাউন হিচাপে ল’বলৈ অনুৰোধ জনাই আহিছিল। কভিডৰ আগতেই সম্পূৰ্ণ চুক্তি সম্পন্ন হৈছিল যদিও মহামৰীৰ বাবে সম্ভৱ হৈ উঠা নাছিল। কভিডৰ পিছত এইবাৰৰ পৰা পুনৰ হ’ম(home) আৰু আৱে (away) গ্ৰাউণ্ড হিচাপে খেলিবলৈ খৈলুৱৈ সকল মান্তি হৈছে। বিগত বছৰৰ আইপিএলৰ মেচ সমূহ মাত্ৰ তিনিখন ষ্টেডিয়ামত খেলা হৈছিল, কেৱল মাত্ৰ কোৱাটাৰ ফাইনেলৰ পৰা ফাইনেলৰ লৈকে ৪খন মেচ আহমেদাবাদত অনুষ্ঠিত হৈছিল।

Leave A Reply

Your email address will not be published.