গুৱাহাটীত ব্যক্তিগত -ৰাজহুৱা পৰিবহণৰ চালক-যাত্ৰীৰ হাতে হাতে বৃক্ষপুলি তুলি দি যানবাহনৰ প্ৰদূষণ ৰোধৰ আহ্বান পৰিবহণ বিভাগৰ

0 62

এক বৃক্ষ দশ পুত্ৰ সম- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এই মহান বাণীৰ উদ্ধৃতি দি ৫ জুনত বিশ্ব পৰিৱেশ দিৱসত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বৃক্ষৰোপণ কৰি সমাজৰ সকলো শ্ৰেণীৰ পথ আৰু যান-বাহন ব্যৱহাৰকাৰীক বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনায় ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে।তেওঁ আনকি মহানগৰীৰ জিএছ ৰোডেৰে চলাচল কৰা বহু ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহণৰ বিভিন্ন বাহন ৰখাই চালক-যাত্ৰীৰ হাতে হাতে বৃক্ষ পুলি তুলি দেশত ভয়ানক ৰূপত বৃদ্ধি পোৱা যানবাহনৰ প্ৰদূষণ ৰোধৰ বাবে ব্যাপক হাৰত বৃক্ষৰোপণৰ সবিনয় আহ্বান জনায়। উল্লেখ্য যে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫জুনত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত মহানগৰীৰ এবিচি অঞ্চলত এক ব্যাপক জনসচেতনতা অনুষ্ঠান অনুষ্ঠিত হয়৷অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অতিৰিক্ত মুখ্য পাৰিপাৰ্শ্বিক বিজ্ঞানী ড° গৌতম কৃষ্ণ মিশ্ৰ, বিশিষ্ট অভিনেত্ৰী চেতনা দাস, বিশিষ্ট চিকিৎসক ডাঃ হীতেশ বৰুৱা, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়া, জ্যেষ্ঠ পাৰিপাৰ্শ্বিক বিজ্ঞানী প্ৰতাপ কুমাৰ শৰ্মাকে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক অনুষ্ঠানত উপস্থিত থাকে। বিশিষ্ট অভিনেতা, ঘোষক বিপুল কুমাৰ বৰাই আঁত ধৰা জনসচেতনতা অনুষ্ঠানটোৰ আৰম্ভণীতে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যানবাহণৰ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত ল’বলগীয়া বিভিন্ন সাৱধানতাৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়ায়৷তেওঁ কয় যে আজি যানবাহন নহ’লেই আমাৰ হাত-ভৰি নোহোৱা অৱস্থা। কিন্তু উন্নয়নৰ লগে লগে আমি এই কথা মনত ৰাখিব লাগিব যে যানবাহনৰ পৰা নিৰ্গত কাৰ্বণ মন অক্সাইড, নাইট্ৰজেন, অক্সাইড আদিয়ে নানান মাৰাত্মক ৰোগ-ব্যাধিৰ সৃষ্টি কৰি মানৱ সমাজ পঙ্গু কৰিছে । কিন্তু আমাক যিহেতু যানবাহন লাগিবই সেয়ে ইয়াৰ ভয়াবহতাৰ প্ৰতিকাৰৰ ব্যৱস্থাও আমি নিজেই ল’ব লাগিব বুলি কৈ সমাজৰ সকলো শ্ৰেণীৰ লোককে ভৱিষ্যতৰ প্ৰাকৃতিক সুৰক্ষাৰ বাবে পাৰ্যমানে বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনায় । কিয়নো গছে সদায় যানবাহনৰ পৰা নিৰ্গত ক্ষতিকাৰক ক’লা ধোঁৱা নিজে গ্ৰহণ কৰিব অতি সহজতে অক্সিজেন এৰি দি মানৱজাতিক সুৰক্ষা দি আহিছে ৷ জনসচেতনতা সভাত উপস্থিত থাকি “নিয়মীয়া বাৰ্তা” কাকতৰ সম্পাদক নৰেশ কলিতাই কেইবাটায়ো গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই।তেওঁ কয় যে, গ্ৰামাঞ্চলৰ লোকসকলে দশক দশক ধৰি গছপুলি ৰোপণ কৰি গছক পূজা দি আহিছে। আমাৰ আধ্যাত্মিক ক্ষেত্ৰটো তেওঁলোকে গছৰ মাহাত্ম বুজি পায়। কিন্তু ডাঙৰ কথা হ’ল ৰাষ্টা-ঘাট বা মানুহৰ ঘৰৰ সন্মুখেৰে যোৱা বিদ্যু পৰিবাহী তাঁৰৰ বাবে সেই অঞ্চলৰ গছসমূহ সঠিকভাৱে ডাঙৰ দীঘল হ’ব নোৱাৰে । উন্নত প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত এয়া এক ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি বিশিষ্ট সাংবাদিক গৰাকীয়ে বিদ্যু তাঁৰসমূহ ৰাষ্টাৰ তলেৰে পাৰ কৰি প্ৰত্যেক মানুহৰ ঘৰৰ গছ গছনি ৰক্ষা কৰি উন্নত প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি পাৰিপাৰ্শ্বিক বিজ্ঞানী ড° গৌতম কৃষ্ণ মিশ্ৰই প্ৰদূষণ নিয়ন্ত্ৰণ ৰোধৰ ক্ষেত্ৰত যথেষ্ট পৰিমানে ভূমি সংৰক্ষণত গুৰুত্ব দিয়াৰ উপৰি যানবাহনে সৃষ্টি কৰা প্ৰদূষণৰ বিভিন্ন দিশসমূহ উল্লেখ কৰি তাৰ নিৰাময়ত অহৰ্নিয়ে মনোনিৱেশ কৰিবলৈ যানবাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনায়। ইফালে সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডা° হিতেশ বৰুৱাই “মানুহ নাথাকিলেও গছ থাকিব, কিন্তু গছ নাথাকিলে মানুহ নাথাকে ” বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি স্থল, জল, বায়ু সকলো প্ৰদূষণমুক্ত হোৱাত গুৰুত্ব দিয়ে ৷ বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে সভাত বক্তব্য আগবঢ়াই কয় যে বৃক্ষৰ প্ৰতি এতিয়াও মানুহৰ মাজত সম্পূৰ্ণ সজাগতা গঢ় লৈ উঠা নাই। সমাজৰ সকলো শ্ৰেণীৰ মানুহক আত্মসচেতনতাৰে প্ৰাকৃতিক পৰিৱেশৰ সামগ্ৰিক উন্নয়নৰ বাবে চেষ্টা চলাবলৈ তেওঁ আহ্বান জনায়৷বিশিষ্ট আবৃত্তিকাৰ উপম শইকীয়াই কৰা ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ খং কবিতাৰ আবৃত্তি আছিল আজিৰ জনসচেতনতা অনুষ্ঠানৰ অন্যতম উল্লেখযোগ্য দিশ ৷ কাৰ্যসূচী অনুসৰি অনুষ্ঠানৰ আৰম্ভনীতে বিশিষ্ট ব্যক্তিসকলে কেইাটাও বৃক্ষৰোপণ কৰে। সভাৰ মাজতে ন’মাড আইজৰ বেনাৰত নীহাৰিকা গৌতমৰ পৰিকল্পনা-প্ৰযোজনাত আৰু চন্দ্ৰচেখৰ দাসৰ পৰিচালনাত নিৰ্মিত “গ্ৰীণ কমিউট“ শীৰ্ষক চুটিছবি মুকলি কৰা হয়। ইফালে প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষা আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ আহ্বানেৰে নিৰ্বাক গোষ্ঠীৰ শিল্পীসকলে মুকাভিনয় প্ৰদৰ্শন কৰি সজাগতা সৃষ্টি কৰে।

Leave A Reply

Your email address will not be published.