প্ৰাকৃতিক আৰু মানবসৃষ্ট দুৰ্যোগৰ সময়ত সাধাৰণ নাগৰিকক কিদৰে নিৰাপদে আৰু সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে অসম চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে সময়ে সময়ে সজাগতা অভিযান আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ বাঘৰবৰী হাইস্কুল চৌহদত অলপতে সপ্তাহজোৰা কাৰ্যসূচীৰে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ ৫১ নং ৱাৰ্ডৰ প্ৰতিপালক নুৰুল হকৰ নেতৃত্বত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে নাৰায়ণ চন্দ্ৰ কলিতাই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখ্য প্ৰতিপালক নিমাই চন্দ্ৰ দাসে ভাষণ প্ৰসংগত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দায়িত্বৰ লগতে প্ৰশিক্ষণ কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে প্ৰশিক্ষণ গুৱাহাটী পৌৰ নিগমৰ ৫১ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ভূপেন বৰা, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক জলেশ্বৰ ডেকা, সহকাৰী উপ নিয়ন্ত্ৰক বিপুল ডেকা, অলক শৰ্মা আৰু নুৰ জাহান, সাতগাওঁ নাগৰিক কমিটীৰ সভাপতি ভাস্কৰজ্যোতি ডেকাই প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানত প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা কেবাজনো কেবাজনো প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন