গুৱাহাটীৰ অম্বিকাগিৰী নগৰত থাকিও নিজৰ পৈত্রিক গাঁও সানেকুছিত সৰিয়হ খেতিৰে হালধীয়া কৰিছে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে

0 576

ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীৰ্ষ পদবী হিচাপে পৰিচিত কমডৰ পদবী লাভ কৰা দুজনমান অসমীয়াৰ ভিতৰত এগৰাকী হ’ল বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ পাঁচ নম্বৰ উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰী।১৯৭৪ চনত এক্টিং চাব লেফটেনেন্ট হিচাপে ভাৰতীয় নৌ সেনাত কমিচনড বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰীয়ে নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ বলত কেবাটাও পদোন্নতি লাভ কৰি প্ৰায় ৩৫ বছৰ সেৱা আগবঢ়াই ২০০৯ চনৰ জানুৱাৰী মাহত কমডৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰ পাছত সেইটো বছৰতে ৰাজ্যৰ সৈনিক কল্যাণ সঞ্চালক হিচাপে যোগদান কৰি ২০১৭ চনত সেই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। আনহাতে অসমৰ বাহিৰত ৩৫ বছৰ আৰু সৈনিক কল্যাণ সঞ্চালক হিচাপে আঠ বছৰ সেৱা আগবঢ়োৱাৰ মাজতো নিজৰ প্ৰয়াত পিতৃ ৰমেশ চন্দ্ৰ চৌধুৰীৰ জন্মগাঁও নলবাৰীৰ সানেকুছিক পাহৰি যোৱা নাছিল চৌধুৰীয়ে। বিশেষকৈ নৌ সেনাত থকা সময়ছোৱাত সিমান সময় নাপালেও অৱসৰ গ্ৰহণ কৰি সৈনিক কল্যাণ সঞ্চালক হিচাপে যোগদান কৰাৰ পাছত সানেকুছি গাওঁৰ পৈত্রিক ভূমিত বিভিন্ন ঋতুকালীন কৃষি-কৰ্মৰে সেউজ বিপ্লৱ আৰু পুখুৰীত মাছ পুহি মীন বিপ্লৱ গঢ়াৰ কামত নিজকে আত্মনিয়োগ কৰে চৌধুৰীয়ে। নৌ সেনাত থকাৰ সময়ত বিশ্বৰ ৩৫ খনতকৈ অধিক দেশ ভ্ৰমণ কৰা চৌধুৰীয়ে তাৰ কিছুমানত দেখি অহা কৃষি – কৰ্ম, মীনপালন আদিৰ অভিজ্ঞতাৰে সানেকুছিত গঢ়ি তুলিছে কৃষি আৰু মীন বিপ্লৱ। ছয় বিঘাৰো অধিক মাটিত এখন ফাৰ্ম হাউছ গঢ়ি তোলাৰ লগতে তাৰ বাহিৰত থকা প্ৰায় বাৰ বিঘা মাটিত এইবাৰ কৰিছে সৰিয়হ । এক কথাত কবলৈ হলে ৰবি শস্যৰ বতৰত নলবাৰী জিলাৰ বানে ধোঁৱা সানেকুছি অঞ্চলত সৰিয়হ খেতিৰে যেন সপোন ৰচিছে চৌধুৰীয়ে । চৌধুৰীৰ অনুপ্ৰেৰণাত বানে ধোঁৱা বৃহত্তৰ সানেকুছিকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ বহু কৃষক কিছুদিন আগলৈকে ব্যস্ত হৈ আছিল সৰিয়হ খেতিত সকলো। এতিয়া পুৰঠ হৈ পৰা সৰিয়হ সমূহ ফেব্ৰুৱাৰী মাহৰ শেষ বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত চপাই পেৰি সৰিয়হ তেল উলিয়াব পৰা হব বুলি কমলেশ চন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিছে । কিন্তু চৌধুৰীৰ ফাৰ্ম হাউছৰ বাহিৰত এখন বিশাল হালধীয়া দলিছাৰ ৰূপ লৈছে পথাৰখনে। যেনিয়ে চোৱা যায় তেনিয়ে কেৱল হালধীয়া আৰু হালধীয়া। উল্লেখ যে যোৱাটো প্রলয়ংকাৰী বানত অঞ্চলটোৰ বহু কৃষকে খেতিপথাৰ , ঘৰ বাৰী সকলো হেৰুৱাব লগা হৈছিল । অঞ্চলবাসীৰ অনুপ্ৰেৰণা হৈ পৰা চৌধুৰীয়ে প্ৰতি সপ্তাহত এদিন বা দুদিন সানেকুছিত নিজৰ ফাৰ্ম হাউছত থাকি নিজৰ সৰিয়হ খেতিৰ লগতে আন কৃষক সকলকো বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছে । এইক্ষেত্ৰত তেওঁক সহধৰ্মিনী মৃণালিনী চৌধুৰী , দুই বিবাহিতা জীয়ৰী ক্ৰমে সুস্মিতা চৌধুৰী আগৰৱালা আৰু মৃদুস্মিতা চৌধুৰীয়ে সদায় অনুপ্ৰেৰণা যোগাই আহিছে । যাৰ বাবে ৭২ টা বসন্ত অতিক্ৰম কৰাৰ পাছতো নিজকে এজন চফল ডেকা লৰাৰ দৰে গণ্য কৰি নতুন উদ্যমৰে কাম কৰাৰ বাবে উৎসাহ লাভ কৰি অহা বুলি কমলেশ চন্দ্ৰ চৌধুৰীয়ে সদৰি কৰিছে । উল্লেখযোগ্য যে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে চৌধুৰীৰ ভাৰতীয় নৌ সেনাত সুখ্যাতিৰে ৩৫ টা বছৰ সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰায় তিনি বছৰ পূৰ্বে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দি ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ দিশটো তদাৰক কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে । যিটো দায়িত্ব চৌধুৰীয়ে চৰকাৰৰ পৰা এপইছাও নোলোৱাকৈ পালন কৰি আহিছে । ইফালে চৌধুৰীক প্ৰায় সাতমাহ পূৰ্বে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ অখিল ভাৰতীয় ভূতপূর্ব সৈনিক সেৱা পৰিষদৰ উত্তৰ পূবৰ আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ পদবী আৰু দায়িত্বও অৰ্পণ কৰা হৈছে।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.