ভুটানকে ধৰি চুবুৰীয়া কেবাখনো দেশলৈ বিমানৰে অসমৰ পৰা যাবলগীয়া পৰ্যটক , ভ্ৰমণকাৰীৰ বাবে সুখবৰ । কিয়নো প্ৰায় আঢ়ৈ বছৰৰ বিৰতিৰ পাছত আজিৰে পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পুনৰ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। পুৱা ভুটানৰ ৰাজকীয় চৰকাৰৰ বিমান সংস্থা দ্রুক এয়াৰ লাইন্সৰ এয়াৰ বাছ – ৩২০ শ্ৰেণীৰ বিমানখন ভুটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২২ জন যাত্ৰীসহ পুৱা ৮.২০.বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অবতৰণ কৰে । বিমানখন আহি পোৱাৰ পাছত ছিংগাপুৰ অভিমুখে যাত্ৰা কৰাৰ বাবে বৰঝাৰত উপস্থিত হয় অসমৰ বিভিন্ন প্ৰান্তৰ ১৫ জনকৈ যাত্ৰী। যাত্ৰাৰ পূৰ্বে বৰঝাৰ বিমানবন্দৰত যাত্ৰী সকলক আদৰণি জনাই অসম চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ,অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ সুভাষ দাস , অসম দক্ষতা বিকাশ মিছনৰ মিছন সঞ্চালক অংকুৰ জৈন ,জি আই এ এলৰ মুখ্য অপাৰেটিং বিষয়া স্নেহাশীষ দত্ত , কৰ্পৰেট মুৰব্বী ভৈৰব বৰুৱাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়াই। আনহাতে গুৱাহাটীৰ ১৫ জন আৰু ভুটানৰ ২২ জনকে ধৰি মুঠ ৩৭ জন যাত্ৰী লৈ পুৱা ৯.১০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা ছিংগাপুৰলৈ যাত্ৰা কৰে দ্রুক এয়াৰ লাইন্সৰ বিমানখন। ইতিমধ্যে বিয়লি ৪ বজাত বিমানখন গৈ ছিংগাপুৰত অবতৰণ কৰিছে।অসম চৰকাৰৰ এক সূত্ৰই সদৰি কৰা অনুসৰি আজিৰে পৰা গুৱাহাটীৰ পৰা সপ্তাহৰ প্ৰতি শনিবাৰে পুৱা ৯.১০ বজাত ছিংগাপুৰলৈ বিমানখনে উৰা মাৰিব । তেনেদৰে ভুটানৰ পাৰো বিমানবন্দৰৰ পৰা শনিবাৰ আৰু দেওবাৰে গুৱাহাটীৰ পৰা বিমান চলাচল কৰিব । উল্লেখযোগ্য যে কভিড – ১৯ কেন্দ্ৰীক পৰিস্থিতিৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা গুৱাহাটীৰ পৰা বিদেশলৈ বিমান সেৱা বন্ধ হৈ আছিল । কিন্তু কভিড পৰিস্থিতিৰ উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত ভূটান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে । যাৰ বাবে আজিৰে পৰা ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পৰিচিত পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ এই বিমান সেৱা আৰম্ভ কৰিছে ভুটানৰ দ্রুক এয়াৰ নামৰ বিমান সেৱা প্ৰতিষ্ঠানটোৱে। এতিয়া পুনৰ সেৱা মুকলি কৰাৰ পিচত প্রতিষ্ঠানটোৱে গুৱাহাটীৰ পৰা প্ৰতি সপ্তাহত দুদিন বিমান সেৱা আগবঢ়াব। গুৱাহাটীৰ পৰা পাৰোলৈ ১০০ খন আসনযুক্ত এয়াৰ বাছ ৩২০ চলোৱাৰ সিদ্ধান্ত লৈছে প্রতিষ্ঠানটোৱে। তদুপৰি তেওঁলোকে গুৱাহাটীৰ পৰা ছিংগাপুৰৰ ছাংগী বিমান বন্দৰলৈ বিমান চলোৱাৰ সিদ্ধান্ত লৈছে। গুৱাহাটীৰ পৰা পুনৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাটোৱে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই শুভ সংবাদ বুলি মত ব্যক্ত কৰিছে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে। উল্লেখ্য যে অসম চৰকাৰে গুৱাহাটী বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ত্বৰান্বিত কৰাৰ বাবে ৫টা নতুন গতিপথত সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এই নতুন গতিপথকেইটা হৈছে— ম্যানমাৰ, বাংলাদেশ আৰু নেপাল। ৷ভাৰত চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় উড়ান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা খণ্ডক নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta