মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ এ ডি জি মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ

0 190

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ২ ছেপ্টেম্বৰত মণিপুৰৰ ৰাজধানী ইম্ফলত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক তেওঁৰ চৰকাৰী কাৰ্যালয় কক্ষত সৌজন্যমুলক সাক্ষাৎ কৰে । সাক্ষাৎ কালত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই মুখ্যমন্ত্ৰী এন বীৰেন সিঙক এন চি চিৰ এটা স্মাৰক প্ৰদান কৰি আদৰণি জনোৱাৰ লগতে এসময়ত মণিপুৰত এন চি চিৰ কেডেট হিচাপে দেশমাতৃৰ প্ৰতি আগবঢ়োৱা সেৱাৰ চিন স্বৰূপে মুখ্যমন্ত্ৰীক এলুমণি সদস্যৰ কাৰ্ড প্ৰদান কৰে । আনহাতে সাক্ষাৎ কালত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে জেনেৰেল ভাস্কৰ কলিতাক ৰাজ্যখনৰ বাবে এন চি চিৰ অতিৰিক্ত আসন মুকলি কৰি বা ভৰ্ত্তি অভিযানৰে ৰাজ্যত এন চি চিক বৰ্দ্ধিত ৰূপত সম্প্ৰসাৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে জেনেৰেল কলিতাই মুখ্যমন্ত্ৰী সিঙক মণিপুৰৰ এন চি চি কেডেট সকল উত্তৰ পূবৰ ভিতৰতে ক্ৰীড়াৰ ক্ষেত্ৰখনত অধিক শক্তিশালী আৰু পাৰ্গত বুলি অৱগত কৰে আৰু এন চিচিৰ ইম্ফল গ্ৰুপ কমাণ্ডাৰ কাৰ্যালয়ে এই ক্ষেত্রত ৰাজ্যৰ শিক্ষা বিভাগৰ সৈতে সুসমন্বয় ৰক্ষা কৰি চলিছে বুলিও অৱগত কৰে । আনহাতে তাৰ পাছত জেনেৰেল ভাস্কৰ কলিতাই মণিপুৰ চৰকাৰৰ শিক্ষামন্ত্ৰী বসন্ত কুমাৰকো কাৰ্যালয়ত সাক্ষাৎ কৰে । সাক্ষাৎ কালত জেনেৰেল কলিতাই শিক্ষামন্ত্ৰী কুমাৰৰ সৈতে ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰী সকলক এন চি চিৰ প্ৰতি কিদৰে অধিক আকৰ্ষিত কৰিব পাৰি সেই সন্দৰ্ভত মত বিনিময় কৰে । উল্লেখযোগ্য যে বিগত ২০২১ বৰ্ষৰ ছেপ্টেম্বৰ মাহত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা মেজৰ জেনেৰেল ভাস্কৰ কলিতাই অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যতে এন চি চিক অধিক শক্তিশালী কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত শিক্ষানুষ্ঠান সমূহৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকল যাতে এন চি চিত ভৰ্ত্তি হব পাৰে তাৰ বাবে বিশেষ অভিযান চলাই আহিছে।

Leave A Reply

Your email address will not be published.