গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ

0 60

অসম গণ পৰিষদ দলৰ মধ্য গুৱাহাটী সমষ্টি সমিতিৰ উদ্যোগত আজি গুৱাহাটীৰ আয্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত অসম গণ পৰিষদ দলৰ এখনি বিশাল সংকল্প সমাৰোহ অনুষ্ঠিত হয়। বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপস্থিত থাকি দলটোৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত হেজাৰ হেজাৰ অগপত বিশ্বাসী জনসাধাৰণ ওলাই অহা কাৰ্য্যই এই কথা পুনৰ প্ৰমাণিত কৰিলে যে, গুৱাহাটী মহানগৰীত দলটোৰ ভেটি যথেষ্ট শক্তিশালী। সভাপতি বৰাই কয় যে, অসম গণ পৰিষদ দলে ধৰ্মনিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন ৰাখি সকলো ভাষা-ভাষী, সকলো জনগোষ্ঠী আৰু ধৰ্মীলম্বী ৰাইজক একত্ৰিত কৰি এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে কাম কৰি আহিছে আৰু কাম কৰি যাব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে প্ৰগতিৰ নতুন দিগন্তৰে আগবাঢ়িছে বুলি উল্লেখ কৰি গুৱাহাটী মহানগৰীখন দেশৰ অন্যতম শ্ৰেষ্ঠ নগৰী হিচাপে পৰিচিত হ’বলৈ বেছি দিন নাই বুলি মতপ্ৰকাশ কৰে। বৰাই কয় যে, অসমৰ স্বাৰ্থত অসম গণ পৰিষদ তথা আঞ্চলিকতাবাদ শক্তিশালী হবই লাগিব। অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা, অসমৰ ৰাইজ শক্তিশালী হোৱা। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাইজৰ মাজত থাকি সমষ্টিৰ উন্নয়ণৰ ক্ষেত্ৰত সক্ৰিয় হৈ থকাৰ বাবেই আজি হিল-দ’ল ভাঙি সকলো শ্ৰেণীৰ ৰাইজ সংকল্প সমাৰোহলৈ আহিছে। সভাত দলটোৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক ভূৱসী প্ৰসংশা কৰি সকলো প্ৰত্যাহ্বান নেওচি দলটোক শক্তিশালী ৰূপত গুৱাহাটী মহানগৰীত আগবঢ়াই নিয়াৰ বাবে অভিনন্দন জনায়। মহন্তই লগতে কয় যে, ছটাকৈ কাৰ্য্যকাল বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাইজৰ সুখ দুখৰ সমভাগী হৈ দায়বদ্ধতাৰ পৰিচয় দি আহিছে। আগন্তুক বিধান সভা নিৰ্বাচনৰ জৰিয়তে দলটোক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলিও মহন্তই ভাষণ প্ৰসংঙ্গত উল্লেখ কৰে। সভাপতিৰ ভাষণত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, এই জনসমূদ্ৰই পুনৰ প্ৰমাণিত কৰিলে আজিও মধ্য গুৱাহাটী সমষ্টিৰ জনসাধাৰণৰ অন্তৰে অন্তৰে অগপ। সমষ্টিটোৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সহযোগত সমষ্টিটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গ দৰ্শনত সৰ্বদিশতে বিকাশৰ অঙ্গীকাৰ প্ৰকাশ কৰে। সভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, ড০ কমলাকান্ত কলিতা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ জয়নাথ শৰ্মা, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, হিৰণ্য কুমাৰ কোৱঁৰ, কিশোৰ কুমাৰ দেউৰী, অংশুমান দত্ত, জিতু বৰগোহাঁই, হৃষিকেষ শৰ্মা, পূৰবী তালুকদাৰ, মিঠুন ৰয় আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.