অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা( পঞ্জীয়ন আৰু অনুজ্ঞা ) পৰিবহণ বিষয়াৰ কার্যালয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত ক’ভিডৰ বিৰুদ্ধে যুঁজ দি অহা প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিকিৎসকৰ বাবে অহা ১১ আগষ্টৰ পৰা থিতাতে বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া সৰল আৰু তৰাম্বিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসৰ বিশেষ বিশেষ তৎপৰতা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ( জি এম চি এইছ ) অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ সহযোগত অধীক্ষকৰ কাৰ্যালয়ত বাহন চালনাৰ আবেদন প্ৰক্ৰিয়াৰ সহায়ক হোৱাকৈ এটা অনলাইন সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । আজি এই সেৱা কেন্দ্ৰটো মুকলি কৰে জি এম চি এইছৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক ডাঃ অচিন্ত্য পেগুৱে । এই উপলক্ষে সন্থাৰ কৰ্মকর্তা ডাঃ দুৰ্লভ গগৈয়ে আঁত ধৰা চমু অনুষ্ঠানত ডাঃ অচিন্ত্য পেগুৱে ভাষণত চিকিৎসক সমাজৰ বাবে বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া তুলনাবিহীন বুলি ব্যক্ত কৰে আৰু ইয়াৰ বাবে চিকিৎসক সমাজে পৰিবহণ বিভাগক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি সদৰি কৰে । সভাত জি এম চি এইছৰ উপ অধীক্ষক সন্দ্বীপ দাস , কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ বিশাল সাহা , কৰ্মকর্তা ক্ৰমে ডাঃ ৰঞ্জিত ৰাউত , ডাঃ দ্বীপশিখা মেচ , ডাঃ ইজাজ আহমেদ উপস্থাপন থাকে । আনহাতে আজি প্ৰথম দিনটোতে ব্যাপক সঁহাৰি লাভৰে সেৱা কেন্দ্ৰত প্ৰায় ৩০ জন চিকিৎসকে বাহন চালনাৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে আবেদন কৰিছে বুলি ডাঃ অচিন্ত্য পেগুৱে জানিবলৈ দিছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই