পলাশবাৰী সমষ্টিৰ পৌৰসভাৰ অন্তৰ্গত ৮ আৰু ৯ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনা চহৰাঞ্চল, অসমৰ অধীনত গৃহ আধাৰশিলা স্থাপন আৰু গৃহ প্ৰৱেশ সমাৰোহ-২০২১ৰ শুভাৰম্ভ কৰে সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। পলাশবাৰী পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ পূৰ্ণিমা কলিতাই প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অনুমোদন পোৱা এটি গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে ৮ নং ৱাৰ্ডৰ জোনালী কুমাৰৰ আন এটি নৱনিৰ্মিত গৃহৰ প্ৰৱেশদ্বাৰ মুকলি কৰে বিধায়কগৰাকীয়ে। বিধায়ক ঠাকুৰীয়াই উক্ত দুয়োটা অনুষ্ঠানৰ শুভাৰম্ভণী কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন চৰকাৰখনে দুখীয়া ৰাইজৰ হিতাৰ্থে লোৱা উক্ত আঁচনিৰ জৰিয়তে দুখীয়া লোকসকল উপকৃত হ’ব। লগতে পলাশবাৰী পৌৰসভাৰ অন্তৰ্গত প্ৰায় ১৭৪ টা পৰিয়ালে প্ৰধানমন্ত্ৰী আবাস যোজনা ঘৰৰ বাবে নিৰ্বাচিত কৰা হৈছে। পৰ্যায়ক্ৰমে সকলোকে আবাস গৃহ দিয়াৰ প্ৰস্তুতি চলাই থকাৰ লগতে এটি সুন্দৰ গৃহ সকলোকে প্ৰয়োজন, গৃহ সুন্দৰ হলে নিজৰ মনোবল তথা লৰা-ছোৱালীৰ পঢ়া-শুনাৰ ক্ষেত্ৰটো এটি ভাল পৰিবেশ হয় বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী আবাস যোজনা প্ৰজেক্ট ডাইৰেক্টৰ (P.M.A.Y.U) প্ৰণৱ দত্ত গোস্বামী, মিনিচিপাল্টি চিভিল ইঞ্জিনীয়াৰ (P.M.A.Y.U) ৰূপজ্যোতি মালী, পলাশবাৰী পৌৰসভাৰ কাৰ্যবাহী অভিযন্তা প্ৰফুল্ল কুমাৰ শৰ্মাৰ লগতে কেইবাগৰকীও বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram