গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত আৰু নৱ-সংকল্প থিয়েটাৰ আৰ্টচৰ সহযোগত অভিনয় আৰু ছবি নিৰ্মাণৰ কৌশল বিষয়ক এক কৰ্মশালা সফলতাৰে সম্পন্ন হয় । কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থী সকলক অভিনয়ৰ লগতে ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কেমেৰা, পোহৰ প্ৰক্ষেপন, শব্দ গ্ৰহণৰ প্ৰক্ৰিয়াৰ উপৰি ছবি এখনৰ চিত্ৰ গ্ৰহণ কৰাৰ পাছত সম্পাদনা কৰা পদ্ধতিৰ বিষয়ে প্ৰাথমিক জ্ঞান সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় । প্ৰশিক্ষাৰ্থীসকলক এইবোৰৰ উপৰিও শাৰিৰীক, মানসিক, বৌদ্ধিক আৰু নৈতিকতাৰ বিভিন্ন বিষয়ত পাঠদান আগবঢ়োৱা হয় ৷ ৩১ জুলাইত প্ৰশিক্ষাৰ্থীসকলক প্ৰমানপত্ৰ বিতৰন কৰি এখন শিশু ধাৰাবাহিক আৰু কেইবাখনো নীতি-শিক্ষামূলক চুটিছবিৰ পৰিকল্পনা কৰা হয়। তদুপৰি আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ পৰা জু-ৰোডৰ ভি-মাৰ্টৰ কাষৰ গুৱাহাটী চিলড্ৰেন ফিল্ম স্কুলৰ উদ্যোগত অভিনয় আৰু ছবি নিৰ্মাণৰ নিয়মিত পাঠদান চলি থাকিব। অভিনয়ৰ আগ্ৰহী সকলে চিলড্ৰেন ফিল্ম স্কুলৰ Facebook page ৰ জৰিয়তে সবিশেষ জানিব পাৰিব।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান