মাৰ্চিহা কাঞ্জ আৰু প্ৰজ্ঞাজ্যোতি মহন্তই আন্তৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত লাভ কৰে ব্ৰঞ্জৰ পদক

0 522

ৰঙিয়া কাৰাটে একাডেমিৰ প্ৰশিক্ষাৰ্থীদ্বয় ক্ৰমে মাৰ্চিহা কাঞ্জ আৰু প্ৰজ্ঞাজ্যোতি মহন্তই কলিকতাৰ নেতাজী ইন্দোৰ ষ্টেডিয়ামত অনুস্থিত হৈ থকা ষষ্ঠ আন্তৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত কেডেট কাটা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰঙিয়া তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ এই প্ৰতিযোগিতাখনিত দক্ষিণ আফ্ৰিকা , বাংলাদেশ, নেপাল , ভূটান আদিকে ধৰি কেইবাখনো দেশে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ আন্তৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ মাজহাৰুল ইছলাম আৰু কুন্তলা চৌধুৰীৰ একমাত্ৰ কণ্যা মাৰ্চিহা কাঞ্জ আৰু বন বিষয়া দুলু মহন্ত আৰু অধিবক্তা হেমপ্ৰভা মহন্তৰ একমাত্ৰ সন্তান প্ৰজ্ঞাজ্যোতি মহন্ত ৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.