আজি অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। উক্ত শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক বিদ্যুত বিকাশ চৌধুৰী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়৷ ইয়াৰ লগতে চকু পৰীক্ষা কৰে চাইট ফাৰ্ষ্ট চকু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিজুলী গোস্বামীয়ে৷ অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ হৈ উপস্থিত থাকে উপাধ্যক্ষ জগদীশ শৰ্মা, সঞ্চালক প্ৰেমকান্ত চৌধুৰী, প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ ভট্টাচাৰ্যই জনায় যে সমবায় সমিতিৰ দ্বাৰা প্ৰদান কৰা সেৱা য’ত ৫০০ টকা ভৰ্তি মাচুলত আজীৱন ৪০ শতাংশ যিকোনো পৰীক্ষাত ৰেহাইৰ সুবিধা সাংবাদিকসকলে গ্ৰহণ কৰিব পাৰে৷ উল্লেখযোগ্য যে আজি ৭৫গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰায়৷
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন