সম্প্ৰতি গো- মাংস কেন্দ্ৰিক বিতৰ্কই ৰাজ্যখনত বিতৰ্কৰ সৃষ্টি কৰি থকাৰ সময়তে আজি গো-মাংস সম্পৰ্কত ঐতিহাসিক তথ্য আৰু সামাজিক প্ৰেক্ষাপটত গো-মাংস সম্পৰ্কীয় বিচাৰ বিশ্লেষণক গ্ৰন্থ আকাৰে ৰূপ দি গো -মাংস ,গো -মাতা, গাহৰি আৰু সাম্প্ৰদায়িকতা নামেৰে প্ৰকাশ কৰি উলিয়াই। ইপিনে আগশাৰীৰ প্ৰকাশন ভাষা প্ৰকাশনৰ উদ্যোগত প্ৰকাশ কৰি উলিয়াওৱা ব্যতিক্ৰমধৰ্মী গ্ৰন্থখন আজি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। উল্লেখযোগ্য আজিৰ গ্ৰন্থ উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী ময়ূৰ বৰাই নিজৰ উন্মোচনী ভাষনত কয় যে লিখকৰ এনে প্ৰচেষ্টাই সমাজক ভুল বুজা বুজিৰ পৰা আতৰাই ৰাখি অনাহকত কৰি অহা গো-মাংসৰ বিতৰ্কৰ পৰা মুক্তি দিব। আনহাতে আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যক ইছমাইল হুছেইনে কয় যে লিখকৰে এনে সময় উপযোগী সৃষ্টিক পঢ়ুৱৈ সমাজে নিশ্চয়কৈ আদৰি লব।আনহাতে আজিৰ গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী বঁটা প্ৰাপক লিখক ৰোমান শৰ্মাই কয় মুকুট শৰ্মাৰ গ্ৰন্থই সদায় এক তত্বগধুৰ ৰূপৰ সময় আৰু ইতিহাসৰ সঁচা আভাস দি আহিছে আৰু এই গ্ৰন্থখনৰ পৰাও পাঠকে তেনে এক সোৱাদেই লাভ কৰিব বুলি আশা কৰিব পাৰি।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান