বৰঝাৰ বিমানবন্দৰত ক’ভিড পৰীক্ষাত নিয়োজিত ডাটা এণ্ট্ৰি অপাৰেটৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ দহ হেজাৰ টকাৰ অনুদান

0 216

ক’ৰণা মহামাৰীৰ সময়ত বৰঝাৰ বিমানবন্দৰত বিমান যাত্ৰীৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰ সকলে বিমান চলাচল হোৱাৰ পৰাই ক’ভিড টেষ্টত জড়িত হৈ আছে। এই মহামাৰীৰ দিনত এইসকল অপাৰেটৰে ৰ’দ, বতাহ, বৰষুণক নেওচি দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণৰ বাবে কৰ্মৰত হৈ আছে। ৰবিবাৰে বিমানবন্দৰত কৰ্মৰত ডাটা এণ্ট্ৰি অপাৰেটৰ সকলে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দহ হেজাৰ টকাৰ এখন চেক প্ৰদান কৰে। লগতে অপাৰেটৰসকলে মুখ্যমন্ত্ৰীৰ সাক্ষৎকালত ভৱিষ্যত কৰ্মসংস্থাপন তথা স্থায়ী সমাধানৰ পথ মুকলি দিয়াৰ বাবে আহ্বান জনায়। এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপাৰেটৰসকলৰ ভৱিষ্যৎ কৰ্মসংস্থাপনৰ পথ মুকলি দিয়াৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে। যাক লৈ এতিয়া আশাবাদী বিমানবন্দৰত নিয়োজিত থকা অপাৰেটৰসকল। বৰ্তমান দেশৰ শিক্ষিত নিৱনুৱাৰ ছবিখন দেখি এইসকল অপাৰেটৰো হতাশাত ভুগিছে কাৰণ ক’ভিড মহামাৰী শেষ হোৱাৰ পিছত এইসকল অপাৰেটৰক অসম চৰকাৰে ভৱিষ্যতে স্থায়ী সমাধান দিব নে নাই তাকলৈ এতিয়া চিন্তিত হৈ পৰিছে। ইতিমধ্যে ক’ভিডত এটা বছৰ সম্পূৰ্ণ হ`ল। বিশেষকৈ অপাৰেটৰসকলে স্থায়ী কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত কৰাৰ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.