ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ দিশত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি এক অভিযান চলোৱা হয়।অভিযানৰ লগত সংগতি ৰাখি ২৪ মে’ত গুৱাহাটী বনাঞ্চলিক বিষয়া কৰ্যালয়ৰ বনকৰ্মী সকলে আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বিগত ২০২২ বৰ্ষত মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত ৰোপণ কৰা গছপুলি সমূহৰ পৰিচৰ্যা কৰে।তেনেদৰে চাফাই অভিযানৰ জৰিয়তে কাৰ্যাল়য় চৌহদটো চাফ – চিকুণ কৰি পৰিষ্কাৰ-অনুকূল জীৱনশৈলীক আঁকোৱালি শীৰ্ষক শ্লোগান দিয়ে। আনহাতে একেটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নৰ নেতৃত্বত আজি এটা বনকৰ্মীৰ দলে দুখন বিদ্যালয়ত ২০২২ চনত আৰম্ভ কৰা একে আঁচনিৰ অধীনত ৰোপণ কৰা গছপুলি সমূহৰ পৰিচৰ্যা, ৰোপণ লগতে চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়।কাৰ্যসূচীৰ অধীনত দুয়োখন বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত পৰিষ্কাৰ-অনুকূল জীৱনশৈলীক আঁকোৱালি লৈ কেনেকৈ সেউজীয়া ভৱিষ্যতৰ সূচনা কৰিব পাৰি তাৰ কাৰণে সজাগতা সৃষ্টি কৰে।লগতে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে খণ্ড বন বিষয়া প্ৰহ্লাদ গায়নে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta