ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ে অপৰাধ ন্যায় প্রদান ব্যৱস্থাটো ক্ষিপ্ৰ কৰাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিবঃ মুখ্যমন্ত্ৰী

0 335

শিক্ষাৰ ক্ষেত্ৰত ন-দিগম্তৰ সূচনাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখ্য যে কামৰূপ জিলাৰ চাংসাৰিৰ মলঙত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটী চৌহদৰ বাবে অসম চৰকাৰে বিনামূলীয়াকৈ ৫০ একৰ ভূমি আবণ্টন দিছে। প্রায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে এই প্রকল্পটো নিৰ্মাণ কৰা হ’ব। এই গুৱাহাটী চৌহদ দেশৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ নৱমখন চৌহদ। এই চৌহদত ফৰেনছিক বিজ্ঞান, চাইবাৰ নিৰাপত্তা, ডিজিটেল‌ ফৰেনছিকছ, ফৰেনছিক মনোবিজ্ঞান, বন্যপ্ৰাণী ফৰেনছিক, নিচাযুক্ত দ্রব্য, ড্ৰ’ন ফৰেনছিক, ফৰেনছিক ন্যায় আৰু আইন বিষয়সমূহত ৫০ টা স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি আৰু প’ষ্ট ডক্টৰেলৰ পাঠ্যক্ৰম থাকিব।

এই উপলক্ষে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই বুজাবুজিৰ চুক্তিত অসম চৰকাৰৰ হৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নিৰজ বাৰ্মা আৰু ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জে এম ব্যাসে স্বাক্ষৰ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি অসম বাসীৰ বাবে এক আনন্দ আৰু প্ৰাপ্তিৰ দিন। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ্‌ গুৱাহাটী ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰাৰ পিছতে আজি ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰ শিলা স্থাপনে ৰাজ্যখনত আন এক সৌধ নিৰ্মাণ কৰিলে। এই বিশ্ববিদ্যালয়খন অসম তথা ইয়াৰ জনসাধাৰণৰ সফলতা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটী চৌহদক উৎকৃষ্টতাৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ প্রয়াস আৰু সহযোগিতা আগবঢ়াব।

বিশ্ববিদ্যালয়খন প্রতিষ্ঠা কৰিবলৈ গুৱাহাটীক বাছনি কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্ববিদ্যালয়খন কাৰ্যক্ষম হৈ উঠিলে ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত এটি নতুন অধ্যায়ৰ সূচনা হোৱাৰ লগতে অপৰাধ মুক্ত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰটো সহায়ক হৈ উঠিব। ইয়াৰ লগতে অপৰাধমূলক ন্যায় প্রদান ব্যৱস্থাটোক খৰতকীয়া কৰি তুলিব। তেওঁ লগতে কয় যে যোৱা দুবছৰত অসমত নিৰাপত্তাৰ পৰিৱেশ যথেষ্ট উন্নত হৈছে আৰু সমগ্ৰ ৰাজ্যৰ থানাসমূহত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হাস পোৱাটোৱে ইয়াৰ ইংগিত বহন কৰে। তদন্ত পদ্ধতি আৰু অভিযোগনামা দাখিলৰ প্রক্ৰিয়াটো আগন্তক সময়ছোৱাত অধিক উন্নত হৈ উঠিব বুলিও তেওঁ কয়। ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনে ৰাজ্যখনত অপৰাধমূলক ন্যায় প্রদান ব্যৱস্থাটোক ক্ষিপ্ৰ কৰাৰ লগতে দোষী সাব্যস্ত হোৱা হাৰো বৃদ্ধি পাব বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অসমক জ্ঞানৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰি আহিছে। ৰাজ্যখনত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় স্থাপনৰ লগে লগে সেই লক্ষ্যত উপনীত হোৱাৰ দিশত সহায়ক হৈ উঠিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় কাৰ্যক্ষম হৈ উঠিলে অসমত অধিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্রয়োজনীয়তা পূৰণ কৰাৰ উপৰি বিশ্ববিদ্যালয়খনে আছিয়ান দেশৰ ছাত্ৰ-ছাত্ৰীৰ প্রয়োজনীয়তাও পূৰণ কৰিব। তেওঁ লগতে কয় যে গুৱাহাটী চৌহদত শৈক্ষিক কাম-কাজৰ উপৰি আৰক্ষী, ন্যায়পালিকা আৰু ফৰেনছিক বিজ্ঞানীসকলকো প্ৰশিক্ষণ দিয়া হ’ব।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে ‘অসম পুলিচ সেৱা সেতু’ নামৰ এটা ৱেব প’ৰ্টেল মুকলি কৰে য’ত নাগৰিকসকলে ২৬ টা সেৱাত ই-এজাহাৰ দাখিল কৰিব পাৰিব৷ ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড” জে এন ব্যাসে ৰচনা কৰা “এনালাইচিচ অন’ জুডিচিয়েল এপ্ৰ’চ অন ফৰেনছিক এভিডেন্স” শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰে।

এই অনুষ্ঠানত কেন্দ্রীয় পেট্ৰলিয়াম আৰু গেছ দণ্ডৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড” জে এম ব্যাসৰ উপৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.