গুৱাহাটী বিমানকোঠত গোপীনাথ বৰদলৈৰ ১৩৪ সংখ্যক জন্ম বাৰ্ষিকী পালন

0 54

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত কিংবদন্তি গোপীনাথ বৰদলৈৰ ১৩৪ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়।জন্মদিন উপলক্ষে বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়।
মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি কয় যে ৰাজ্যৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ১৩৪ সংখ্যক জন্ম জয়ন্তী আজি আমাৰ বিমানকোঠৰ কাৰ্যালয়ত উদযাপন কৰি অতি সুখী আৰু গৌৰৱান্বিত।আমি বিমানকোঠৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰে পৰাই,প্ৰতিবছৰে তেওঁৰ জন্মদিনটো অবিৰতভাৱে পালন কৰি আহিছো৷অনাগত দিনতো আমি উদযাপন কৰি থাকিম।

লগতে বৰুৱাই বৰদলৈৰ দেৱৰ সামাজিক,ৰাজনৈতিক জীৱনৰ ওপৰতো আলোকপাত কৰে৷জননেতা হিচাপে বৰদলৈৰ কেইবাটাও অৱদানৰ বিষয়েও বিশদভাৱে উল্লেখ কৰি কয় যে তেওঁ কেনেকৈ অসমক পাকিস্তানৰ অংশ হোৱাৰ পৰিকল্পনাৰ পৰা কৌশলৰে স্বতন্ত্ৰভাৱে উলিয়াই আনিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.