গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচনিৰ কোষৰ দ্বাৰা ৭৩ সংখ্যক বনমহোৎসৱ উপলক্ষে কামৰূপ মহানগৰ জিলাৰ ধৰাপুৰ গাঁৱৰ বিভিন্ন স্থানত বৃক্ষ ৰোপন কাৰ্য্যসূচী সমাপন কৰা হয়। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত ৭ দিনীয়াকৈ এই বনমহোৎসৱ কাৰ্যসূচীত বিশ্ববিদ্যালয় কোষৰ কমেও ২০ গৰাকী সক্ৰিয় এন এছ এছ স্বেচ্ছাসেৱকৰ লগতে কাৰ্যসূচী বিষয়া ড° ঋতুপৰ্ণ বৰাৰ নেতৃত্বত গাওঁবাসীৰ মাজত পৰিবেশ পাৰিপাৰ্শ্বিকতা সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে গছপুলি ৰোপন কৰে। ইয়াৰ জৰিয়তে স্বেচ্ছাসেৱকসকলে এই অভিযানৰ আৰম্ভণি দিনৰ পৰাই নিজ বিশ্ববিদ্যালয় চৌহদক অধিক সুস্থ আৰু সেউজীয়া কৰাৰ মানসেৰে প্ৰতিদিনে ৰাষ্ট্ৰীয় সেৱা আচনিৰ স্বেচ্ছাসেৱকসকলে বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কৰে। সজাগতা বৃদ্ধি স্বাৰ্থত বৃক্ষৰোপণ কাৰ্য্যসূচীৰ এইবাৰৰ প্ৰচাৰক বাক্য আছিল “এজোপা গছপুলি ৰোপণ কৰো আহক। এই অভিযানৰ শেষৰ দিনা “খোণ্ডা জান”ৰ কাষে কাষে প্ৰায় ১০০ টা নিম গছপুলি ৰোপণ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এচ এচ বিশ্ববিদ্যালয় কোষৰ সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বনমহোৎসৱ উদযাপনৰ বাবে স্বেচ্ছাসেৱক সকলক শুভেচ্ছা জ্ঞাপন কৰে। লগতে পৰবৰ্তী পৰ্যায়ত যাতে অধিক আগ্ৰহৰে তথা পৰিৱেশ সজাগতা ৰাইজৰ মাজত বিয়পি পৰে তাৰ বাবে স্বেচ্ছাসেৱকসকলক নতুন উদ্যমেৰে কাম কৰি যাবলৈ উৎসাহিত কৰে।
Trending
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে
- NSE MD & CEO Ashishkumar Chauhan Wishes PM Modi on 75th Birthday-Underscores Growing Trust in India’s Economic Future
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ সভা
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting