গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচনিৰ কোষৰ দ্বাৰা ৭৩ সংখ্যক বনমহোৎসৱ উপলক্ষে কামৰূপ মহানগৰ জিলাৰ ধৰাপুৰ গাঁৱৰ বিভিন্ন স্থানত বৃক্ষ ৰোপন কাৰ্য্যসূচী সমাপন কৰা হয়। পৃথিৱীখন সেউজীয়া কৰি ৰখাৰ স্বাৰ্থত ৭ দিনীয়াকৈ এই বনমহোৎসৱ কাৰ্যসূচীত বিশ্ববিদ্যালয় কোষৰ কমেও ২০ গৰাকী সক্ৰিয় এন এছ এছ স্বেচ্ছাসেৱকৰ লগতে কাৰ্যসূচী বিষয়া ড° ঋতুপৰ্ণ বৰাৰ নেতৃত্বত গাওঁবাসীৰ মাজত পৰিবেশ পাৰিপাৰ্শ্বিকতা সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে গছপুলি ৰোপন কৰে। ইয়াৰ জৰিয়তে স্বেচ্ছাসেৱকসকলে এই অভিযানৰ আৰম্ভণি দিনৰ পৰাই নিজ বিশ্ববিদ্যালয় চৌহদক অধিক সুস্থ আৰু সেউজীয়া কৰাৰ মানসেৰে প্ৰতিদিনে ৰাষ্ট্ৰীয় সেৱা আচনিৰ স্বেচ্ছাসেৱকসকলে বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কৰে। সজাগতা বৃদ্ধি স্বাৰ্থত বৃক্ষৰোপণ কাৰ্য্যসূচীৰ এইবাৰৰ প্ৰচাৰক বাক্য আছিল “এজোপা গছপুলি ৰোপণ কৰো আহক। এই অভিযানৰ শেষৰ দিনা “খোণ্ডা জান”ৰ কাষে কাষে প্ৰায় ১০০ টা নিম গছপুলি ৰোপণ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এচ এচ বিশ্ববিদ্যালয় কোষৰ সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে বনমহোৎসৱ উদযাপনৰ বাবে স্বেচ্ছাসেৱক সকলক শুভেচ্ছা জ্ঞাপন কৰে। লগতে পৰবৰ্তী পৰ্যায়ত যাতে অধিক আগ্ৰহৰে তথা পৰিৱেশ সজাগতা ৰাইজৰ মাজত বিয়পি পৰে তাৰ বাবে স্বেচ্ছাসেৱকসকলক নতুন উদ্যমেৰে কাম কৰি যাবলৈ উৎসাহিত কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন