দেশৰ আন আন ৰাজ্য আৰু বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো ১৫ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) কোষ আৰু এন এছ এছৰ উত্তৰ পূব ক্ষেত্ৰীয় সঞ্চালকালয়ৰ সহযোগত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাগ লৈ আৰ এছ এছৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ সুনীল মহান্তিয়ে জনজাতীয় গৌৰৱ দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰে।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি, এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক জাংজিংলং , নতুন দিল্লীৰ এন এছ এছ সঞ্চালকালয়ৰ ডাঃ চেমুৱেল চেলিয়া আৰু গৌৰৱ উপাধ্যায় উপস্থিত আছিল।আনহাতে এন এছ এছৰ কাৰ্য্যসূচী বিষয়া মনোজ ঘোষে আঁত ধৰা অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ দুশৰো অধিক এন এছ এছৰ স্বেচ্ছাসেৱক আৰু কাৰ্য্যসূচী বিষয়া উপস্থিত আছিল।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা