দেশৰ আন আন ৰাজ্য আৰু বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো ১৫ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি ( এন এছ এছ ) কোষ আৰু এন এছ এছৰ উত্তৰ পূব ক্ষেত্ৰীয় সঞ্চালকালয়ৰ সহযোগত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাগ লৈ আৰ এছ এছৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ সুনীল মহান্তিয়ে জনজাতীয় গৌৰৱ দিৱস পালনৰ তাৎপৰ্য দাঙি ধৰে।অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি, এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক জাংজিংলং , নতুন দিল্লীৰ এন এছ এছ সঞ্চালকালয়ৰ ডাঃ চেমুৱেল চেলিয়া আৰু গৌৰৱ উপাধ্যায় উপস্থিত আছিল।আনহাতে এন এছ এছৰ কাৰ্য্যসূচী বিষয়া মনোজ ঘোষে আঁত ধৰা অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ দুশৰো অধিক এন এছ এছৰ স্বেচ্ছাসেৱক আৰু কাৰ্য্যসূচী বিষয়া উপস্থিত আছিল।
Trending
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati