গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু হিচাপে মধুশ্ৰী দাসক নিৰ্বাচন

0 227

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন গুৰু হিচাপে ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মধুশ্ৰী দাসক নিৰ্বাচন কৰা হয়। অলপতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অধ্যক্ষতাত বিজ্ঞান বিভাগৰ সমূহ মুৰব্বী অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অধ্যাপিকা মধুশ্ৰী দাসক এই গুৰুত্বপূৰ্ণ দ্বায়িত্ব অৰ্পণ কৰা হয়। ভূগোল বিজ্ঞান বিভাগৰ প্ৰতিস্থাপন সময়ৰ পৰা বিজ্ঞান গুৰুৰ দ্বায়িত্ব লাভ কৰা তেওঁ পঞ্চম গৰাকী মুৰব্বী অধ্যাপিকা। এসময়ত কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰা মধুশ্ৰী দাসে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ কামত‌ নিয়োজীত থকাৰ উপৰিও দেশে বিদেশে বিভিন্ন গৱেষণাপত্ৰ প্ৰকাশ কৰি ভূয়সী প্ৰশংসা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.