ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা ২৮ অক্টোবৰত আৰম্ভ হৈ ৩১ অক্টোবৰত আনুষ্ঠানিক ভাৱে সামৰণি পৰে । যুৱ মহোৎসৱ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে । উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সন্থাৰ পতাকা আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰ পতাকা উত্তোলন কৰে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু স্নাতকোত্তৰ ছাত্ৰসন্থাৰৰ সভাপতি হেমেন কলিতাই । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু বিশিষ্ট ব্যক্তি তথা অংশগ্ৰহণকাৰী সকলে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আগবঢ়ায় । আনহাতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মাই । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৬০ মহাবিদ্যালয়ৰ পূৰ্বে চাৰিটা মাণ্ডলিক যুৱ মহোৎসৱত নিৰ্বাচিত মহাবিদ্যালয়সমূহৰ প্ৰায় ৮০০ ছাত্ৰ-ছাত্ৰীয়ে এইবেলিৰ যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে । এইবেলিৰ যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত দৰং মহাবিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে বি এইছ কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ শ্ৰেণীয়ে যুটীয়া ভাবে দ্বিতীয় স্থান অধিকাৰ কৰে । তদুপৰি বিশ্বনাথ মহাবিদ্যালয় , নগাঁও কলেজ , বিৰঝৰা কন্যা মহাবিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ে তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে উদগনিমূলক বঁটা লাভ কৰে অভয়াপুৰী মহাবিদ্যালয়ে । আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত এইবেলি শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় এল কে আৰ বি সংগীত মহাবিদ্যালয়ৰ মৰমী শৰ্মাই । আনহাতে দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান অৰ্জন কৰে ক্ৰমে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ নিবেদিতা কলিতা আৰু নগাঁও মহাবিদ্যালয়ৰ শ্ৰদ্ধা বৰগোহাঞিয়ে । শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে মঙ্গলদৈ মহাবিদ্যালয়ৰ বিজিত ডেকাই , শ্রেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনিষা ডেকাই । তদুপৰি নলবাৰী কলেজৰ তন্ময় চৌধুৰীয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা , জাগীৰোড মহাবিদ্যালয়ৰ মৃণ্ময় বৰাই শ্ৰেষ্ঠ সহ অভিনেতা , প্ৰজ্ঞান কৌশিকে দ্বিতীয় শ্ৰেষ্ঠ সহ অভিনেতা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ কস্তুৰী শিৱমে শ্ৰেষ্ঠ সহ অভিনেত্ৰী আৰু মঙ্গলদৈ মহাবিদ্যালয়ৰ সুস্মিতা শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । আনহাতে শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নবাৰুণ কাশ্যপ আৰু আশীষ বৰুৱাই । কালি বিয়লি স্নাতকোত্তৰ ছাত্র সন্থাৰ সভাপতি হেমেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিজয়ী প্ৰতিযোগী সকলক বঁটা সমূহ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় । মুকলি সভাত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ , ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি , শ্ৰেণী সমূহৰ সচিব ডঃ জগদীশ শৰ্মাকে ধৰি কেবাগৰাকী অধ্যাপক-বিষয়া উপস্থিত থাকে । আনহাতে সন্ধিয়াৰ পৰা অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী নীল আকাশকে ধৰি কেবাগৰাকী শিল্পীয়ে সংগীত আৰু বাৰেৰহনীয়া নৃত্য পৰিৱেশন কৰে ।
Trending
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme