সম্প্ৰতি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ এক দোদুল্যমান স্থিতিৰ মাজত দিন কটাব লগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ জীৱনৰ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে চিহ্নিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ওলোৱা ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্থিতিৰ কথা এতিয়া সকলোৰে জ্ঞাত। কিন্তু তাৰ মাজতে যিসকলে এইবাৰ হাইস্কুলৰ ডেওনা পাৰ হৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়নৰ বাবে মন মেলিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ এতিয়া বহুখিনি সময় প্ৰায় অপচয় হ’ল। গতিকে সেইসকলৰ কথা চিন্তা কৰি আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ কোনটো শাখাত অধ্যয়ন কৰিব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পৰা নাই বা বিজ্ঞান শাখাৰ বিষয়ে সঠিকভাৱে জানিবলৈ ইচ্ছুক সেই সকলো দিশৰ বিষয়ে বিবেচনা কৰি ছাত্ৰ ছাত্ৰী সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে গোলাঘাটৰ তিনি উচ্চ শিক্ষিত যুৱক যুৱতী। গোলাঘাটত ‘ইগনাইট ক’চিং চেণ্টাৰ ‘ নামেৰে এটা ক’চিং কেন্দ্ৰ চলাই থকা বিজ্ঞান শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তিনি যুৱক যুৱতী ক্ৰমে ধ্ৰুৱজ্যোতি ৰাজখোৱা, মিৰ্জা ৱাকিব জাহান আৰু নীহাৰিকা হাজৰিকাই একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ আভাস দিয়াৰ উদ্দেশ্যে বিনামূলীয়া অনলাইন পাঠদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অহা ১০ জুলাইৰ পৰা সম্পূৰ্ণ এমাহৰ বাবে আগবঢ়াবলৈ লোৱা এই বিনামূলীয়া অনলাইন পাঠদানত ছাত্ৰ ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ সবিশেষ জনোৱা হ’ব। এই বিনামূলীয়া অনলাইন পাঠদানৰ সবিশেষ জানিবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে ৭৩৯৯২৯৬৩৮২, ৭০০২০৩৮২১৮ আৰু ৮০১১৫৩৭৭২১ নম্বৰত যোগাযোগ কৰিব পাৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন