গোলাঘাট জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালকে ধৰি ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন লগতে এটা প্ৰকল্প আনুষ্ঠানিক ভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ

0 166

বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলা ভ্ৰমণ কৰি গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালকে ধৰি ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে এটা প্ৰকল্প আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।এই আটাইকেইটা প্ৰকল্প মুঠ প্ৰকল্প ব্যয় হৈছে ১৫৭৫.৩১ কোটি টকা।মুখ্যমন্ত্ৰী ড° শৰ্মাই গোলাঘাটৰ বগৰীজেঙত আধাৰশিলা স্থাপন কৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালখন নিৰ্মাণৰ বাবে ৬৩১.৮২ কোটি টকা ধার্য কৰা হৈছে।আনহাতে মুখ্যমন্ত্ৰীয়ে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে।বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ অৰ্থে প্ৰথম পৰ্যায়ত ৬২.১০ কোটি টকা ধার্য কৰা হৈছে।তদুপৰি তেওঁ ৩০৪.১৯ কোটি টকা ব্যয় সাপেক্ষে অসম মালাৰ অধীনত কমাৰগাঁৱৰ পৰা কমাৰবছলৈ ধোদৰ আলিৰ উন্নীতকৰণ,২২০.৬০ কোটি টকা ব্যয় সাপেক্ষে এন আই ডি এৰ অধীনত দেৰগাঁও গোলাঘাট ৰঙাজান পথৰ উন্নীতকৰণ,৪৯.৪৮কোটি টকা ব্যয় সাপেক্ষে সংহত উপায়ুক্ত কাৰ্যালয়, ১১.৯৯ কোটি টকা ব্যয় সাপেক্ষে নৰাগাঁৱত এখন মিনি ষ্টেডিয়াম, গোলাঘাট চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চৰকাৰী পলিটেকনিকেল প্ৰতিষ্ঠান আৰু আই আই টি আইৰ উন্নীতকৰণ বাবে ৫.০৩ কোটি টকা,ৰেচিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ ৫.০৩ কোটি টকা , ধনশিৰি চৰকাৰী ওদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ বাবে ৫.০৩ কোটি টকা,মৰঙী আলিত ধনশিৰি নদীৰ ওপৰত আৰচিচি দলঙৰ সম্প্ৰসাৰণ বাবে ১৪.৮৬ কোটি টকা ,লেটেকুজান/নুমলীগড় বিদ্যুৎ সংবহন প্ৰকল্পৰ বাবে ২০০ কোটি টকা আৰু বৰবৰুৱা আলিৰ পৰা ধোদৰ আলিলৈ কাকডোঙা নদীৰ দুয়োপাৰৰ উন্নীতকৰণ বাবে ১৮.১৬ কোটি টকা।আনহাতে মুখ্যমন্ত্ৰীয়ে ৩৫.০৭ কোটি টকা ব্যয় সাপেক্ষে সৰু পথাৰ বিদ্যুৎ সংবহন প্ৰকল্পৰ শুভ উদ্বোধন কৰে।

এই উপলক্ষে গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন আৰু উন্মোচিত হোৱা ১৪ টা প্ৰকল্পৰ জিলাবাসীৰ আশা আকাংক্ষা যথেষ্ট পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।তেওঁ কয় যে বগৰীজেঙত আধাশিলা স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য ২০২৯ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব।তেওঁ লগতে কয় যে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ নিৰ্মাণত ২৫০ কোটি টকা ব্যয় হ’ব।ইয়াৰ প্ৰথম অংশ হিচাপে ৬২ কোটি টকা মুকলি কৰি দিয়া হৈছে।উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনৰ বাবে ফেকাল্টি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলিও সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আধাশিলা স্থাপন হোৱা সংহত উপায়ুক্তৰ কাৰ্যালয়টোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে জনসাধাৰণে একত্ৰিত স্থানৰ পৰা বহু বিভাগৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ আৰু জিন্টু গগৈৰ দৰে বহু কেইগৰাকী অসাধাৰণ দেশপ্ৰেমীৰ জন্মস্থান বুলি উল্লেখ কৰি কয় যে বৰ্ণাঢ্য ইতিহাসৰে সমৃদ্ধ এই জিলা খনক সকলো দিশৰ পৰা উন্নয়ন আৰু বিকাশৰ পথলৈ লৈ যোৱাটো তেওঁ নৈতিক কৰ্তব্য হিচাপে গণ্য কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বৰ্তমান ৰাজ্য চৰকাৰৰ খনে জনসাধাৰণৰ দৰিদ্ৰতা দূৰীকৰণ তথা অৰ্থ সামাজিক উন্নয়ন বাবে লোৱা বিভিন্ন পদক্ষেপ কথাও উল্লেখ কৰে।তেওঁ কয় যে অৰুনোদয় আঁচনিৰ অধীনত জিলাখনত নতুনকৈ ৩০ হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হ’ব।ৰাজ্য চৰকাৰৰ ধান ক্ৰয় আচঁনিখনৰ সুবিধা গ্ৰহণ কৰাৰ বাবে অঞ্চলটোৰ কৃষকসমাজক তেওঁ লগতে আহ্বান জনায়।ভাষণ প্ৰসংগত তেওঁ কয় ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ আৰু মিছন ভূমিপুত্ৰ কথাও উল্লেখ কৰে।এই জনসভাৰ পিছত মুখ্যমন্ত্ৰীয়ে ৰহঢ়লা পথাৰত ৰোৱনী দাৱনী সৈতে মুকলি আকাশৰ তলত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।মুখ্যমন্ত্ৰী ড° শৰ্মাই হেমপ্ৰভা বৰুৱাৰ ছোৱালী মহাবিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে।তেওঁ নতুন আৰু উজীৱিত ভাৰতবৰ্ষৰ গঢ়াৰ দিশত থকা সুযোগৰ সৰ্বোৎকৃষ্ট ব্যৱহাৰেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হ’বলৈ বিদ্যাৰ্থী সমাজক আহ্বান জনায়।মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ,শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত,কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা,বিধায়ক সকল ক্ৰমে বিশ্বজিৎ ফুকন,ভবেন্দ্ৰ নাথ ভৰালী আৰু মৃণাল শইকীয়াকে ধৰি অন্যান্য গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.