টীয়কৰ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ৰ যুৱ শিক্ষক পৰাগ শইকীয়াই আন্তঃ ৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকাই ২০২১ বৰ্ষৰ গ্ল’বেল টিচাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে। যোৱা ১২ আগষ্টত ডুবাইৰ পৰা আয়োজন কৰা ভাৰ্চুৱেল প্ৰেজেন্টেচনত পৰাগ শইকীয়াই আন্তৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ সন্মুখত প্ৰতিটো তথ্যৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়াই “গ্ল’বেল টিচাৰ এৱাৰ্ড” অৰ্জন কৰিবলৈ সক্ষম হৈছে।অহা ১০ অক্টোবৰ তাৰিখে ভাৰ্চুৱেল মাধ্যমত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষক সকলক এই বটাঁ প্ৰদান কৰা হ’ব৷ উল্লেখযোগ্য যে ২০১৭ বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উ:মা: বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে ২০২০ বৰ্ষত ক’ভিদ-১৯ মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়চোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে লোৱা বিশেষ প্ৰচেষ্টাৰ সমান্তৰালকৈ ক’ভিদ-১৯ ৰ সম্পৰ্কত জনসজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিমুলক দক্ষতা বৃদ্ধিৰ বাবে ল’কডাউনৰ সময়চোৱাত “খোজ” নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছিল যুৱ শিক্ষক পৰাগ শইকীয়াই।ইয়াৰ উপৰিও ২০২১ বৰ্ষৰ ক’ৰোণাৰ দ্বিতীয় ঢৌ আগমণৰ সময়তে জনসজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ- ছাত্ৰীক লৈ আৰম্ভ কৰা ৰাজহুৱা জনসজাগতা পোষ্টাৰিং কাৰ্যসূচী, বিদ্যালয়বন্ধৰ সময়চোৱাত শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শণৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে আৰম্ভ কৰা ” গুৰুদক্ষিণা: গুৰুৰ বাবে এজুপি গছ” শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী আৰু সম্পূৰ্ণৰূপে তথ্য- প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে ধাৰাবাহিক ভাবে কৰি অহা অনলাইন শিক্ষাদান আৰু মুল্যায়ণ প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক এই বটাঁৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে। যোৰহাট টীয়কৰ গ্ৰামাঞ্চল বনাইৰ “বনাই উচ্চ- মাধ্যমিক বিদ্যালয়ৰ” যুৱ শিক্ষক পৰাগ শইকীয়াৰ এই সফলতাত বিদ্যালয় খনৰ শিক্ষাৰ্থী,শিক্ষক, অভিভাৱক, শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰাৰ লগতে যোৰহাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, সমগ্ৰ শিক্ষা অভিযান যোৰহাটৰ বিষয়াসকল, পূব যোৰহাট শিক্ষাখণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে টীয়কৰ বিভিন্ন দল সংগঠন, শিক্ষানুৰাগী ব্যক্তিয়ে অভিনন্দন জনাইছে৷
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে