গ্ৰন্থই বিশ্ব মানৱৰ ঐক্য সংহতি স্থাপনত সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে-কনক সেন ডেকা

0 139

বিশ্বত গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰাৰ মূলতে হৈছে গ্ৰন্থ, আজি আমি যি গণতান্ত্ৰিক শাসন পাইছোঁ সেয়া গ্ৰন্থইহে দিছে।
গ্ৰন্থই বিশ্ব মানৱৰ ঐক্য সংহতি স্থাপনত সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসম প্ৰকাশন পৰিষদ উদ্যোগত সদৌ অসম পুঠি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা আয়োজিত গুৱাহাটী গ্ৰন্থমেলা একাদশ দিনা আজি দুপৰীয়া স্মৃতি গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই এইদৰে কয়। তেওঁ আৰু কয় যে ৰামায়ণ মহাভাৰতে আমাৰ মানব জাতিক এক কৰি থৈ যোৱাৰ লগতে সমগ্ৰ বিশ্বৰ ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল মহান গ্ৰন্থ সমূহে টনকিয়াল কৰি গৈছে। ৰাজনৈতিক নেতাই কৰিব নোৱাৰা কাম ৰামায়ণ মহাভাৰতে কৰি গৈছে।এৰিষ্ট’টলৰ কথা উল্লেখ কৰি সাহিত্যিক সাংবাদিক গৰাকীয়ে আৰু কয় যে পৃথিৱীৰ যিকোনো কবিতাই হওক বা কাহিনী,গল্প হওক ইয়াৰ সংজ্ঞা এৰিষ্ট’টলে দি গৈছে ,বিশ্বৰ মানব জীৱনত এনে এটা বিষয় বস্তু নাই যাৰ ওপৰত এৰিষ্ট’টলে সংজ্ঞা নিৰ্ধাৰণ কৰা নাই। অসমীয়া সাহিত্যত এনে গ্ৰন্থৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ডেকাই আৰু কয় যে আমাৰ মহান সাহিত্যিক সকলক শ্ৰদ্ধা জনাব নাজানিলে এটা জাতি আৰু সাহিত্যৰ বিকাশত বৰঙণি যোগোৱাত বিভিন্ন অসুবিধা আহিব পাৰে। তেওঁ সকলো লোককে গ্ৰন্থৰ প্ৰতি আকৃষ্ট হোৱাৰ আহ্বান জনায়। চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা অস্থায়ী কাৰ্যালয়ত মুখ্য সম্পাদক মিহিৰ দেউৰী আৰু সম্পাদক দেৱজিৎ বৰা, গৌতম বৰ্মনৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ড০ পৰমানন্দ মজুমদাৰ প্ৰমুখ্যে ,সদৌ অসম পুঠি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয় ববীয়াৰ লগতে ভালেমান গণ্য মান্য লোক উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.