চচিয়েল চাৰ্ভ ফাউণ্ডেচন আৰু পিপলছ একচন ফৰ ডেভেলপমেণ্টৰ কেৰিয়াৰ নিৰ্দেশনাৰ কাৰ্যসূচী সম্পন্ন

0 248

চচিয়েল চাৰ্ভ ফাউণ্ডেচন (এছ.এছ.এফ.)ৰ সহযোগত “পিপলছ একচন ফৰ ডেভেলপমেণ্ট” (পি.এ.ডি) আৰু আদিবাসী ছাত্ৰ সন্থাৰ যৌথ প্ৰচেষ্টাত  শনিবাৰে  লখিমপুৰ জিলাৰ দৌলহাট আঞ্চলিকৰ দৌলহাট সোনপুৰ গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে এক কেৰিয়াৰ নিৰ্দেশনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । সময়োপযোগী আৰু মনোজ্ঞ অনুষ্ঠানটোত প্ৰবীণ  সমাজকৰ্মী বিজয় বিশ্বাস, লালুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষক কিশোৰ সুৰিন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধেমাজি জিলাৰ মুৰকংচেলেক উন্নয়ন খণ্ডৰ খণ্ড সমন্বয়ক আশ্ৰান্তি ভেংৰাৰ লগতে বহু কেইগৰাকী পেছাদাৰী সুদক্ষ পৰামৰ্শদাতাই অংশ গ্ৰহণ কৰে । প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকে কেৰিয়াৰ নিৰ্দেশনা কাৰ্যসূচীত অংশগ্ৰহণ কৰা  অনুষ্ঠানত এছ.এছ.এফে,  শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক বিভিন্ন পেছাদাৰী পৃষ্ঠভূমিৰ পৰামৰ্শদাতাৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে কেৰিয়াৰ গাইডেন্স কৰ্মসূচী  আয়োজন কৰা বুলি অনুষ্ঠানত অৱগত কৰে ।শিক্ষাৰ্থীসকলক এটা স্থানত একাধিক কেৰিয়াৰ পছন্দৰ সৈতে সম্পৰ্কিত সিদ্ধান্ত লোৱাত সহায় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষাবিদ কিশোৰ সুৰিনে তেওঁৰ ভাষণত জীৱনৰ অনিশ্চয়তা নিয়ন্ত্ৰণৰ গুৰুত্বতা সন্দৰ্ভত বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়াই ।পৰিৱৰ্তিত পৰিস্থিতিত আজিৰ সময়ৰ শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলে নতুন ধাৰণা আৰু নতুন কৌশলৰ সৈতে খাপ খাবলৈ সাজু থাকিব লাগে বুলি কৈ শিক্ষাবিদ  চুৰিনে কেৰিয়াৰ পৰামৰ্শ আৰু  সিদ্ধান্ত লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় “সঠিক দিশত গ্ৰহণ কৰা এটা সঠিক পদক্ষেপে নিজৰ ভৱিষ্যত সমুজ্জ্বল কৰি তুলিব পাৰে। শিক্ষাৰ্থীসকলে কৃষি, ক্ৰীড়া, ফটোগ্ৰাফী, বনাঞ্চল, নাৰ্চিং, চিকিৎসক আদিৰ দৰে বিভিন্ন ধৰণৰ অফ-বিট কেৰিয়াৰ বিকল্পৰ ওপৰত পৰামৰ্শ লাভ কৰি বহুলাংশে উপকৃত হয়। শেষত  খণ্ড সমন্বয়ক আশ্ৰান্তি ভেংৰাই শিক্ষাৰ্থীসকলক ব্যৱহাৰিক আৰু যুক্তি সঙ্গতভাৱে চিন্তন কৰি আকস্মিক পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰত পৰামৰ্শ মূলক  পৰিশুদ্ধ বক্তব্য আগবঢ়াই কেৰিয়াৰ নিৰ্দেশনা কাৰ্যসূচীৰ সফল সামৰণি মাৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.