চতিয়াৰ কাচমাৰীত কাচমাৰী গাওঁ উন্নয়ন সমিতিৰ উদ্যোগত শুক্ৰবাৰে দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয় গোৰ্খা সম্প্ৰদায়সকলৰ পৱিত্ৰ উৎসৱ তিহাৰ সন্মিলন ৷ উক্ত তিহাৰ সন্মিলনত মূখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দেউছী-ভৈলী গীত পৰিবেশন কৰি সকলো উপস্থিত ৰাইজৰ মন আপ্লুত কৰিবলৈ সক্ষম হয় ৷ গোৰ্খা ৰাইজৰ অন্যতম জাতীয় উৎসৱ এই তিহাৰ সন্মিলনত অংশলৈ বিধায়ক গৰাকীয়ে কয়- গোৰ্খা সকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ ৷ গোৰ্খা সকলক বাদ দি অসমীয়া জাতি কেতিয়াও পূৰ্নাংগ হ’ব নোৱাৰে ৷ উক্ত অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰো উপস্থিত থাকে । উল্লেখ্য যে এই তিহাৰ সন্মিলনত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে অংশ গ্ৰহণ কৰাৰ লগতে বিস্তৃত কাৰ্যসুচীৰে দেউছী-ভৈলী নৃত্য প্ৰতিযোগীতাৰো আয়োজন কৰে বুলি আমাক জানিবলৈ দিয়ে কাচমাৰী উন্নয়ন সমিতিৰ সভাপতি এক বাহাদুৰ ঘৌৰসানে, কাৰ্যকৰী সভাপতি পংকজ পৌড়েল, উপ সভাপতি মিলন বিশ্বকৰ্মাৰ লগতে সমুহ সদস্যবৃন্দই।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।