চতিয়াৰ চেঙামাৰিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই

0 253

চতিয়াৰ উত্তৰ অঞ্চলটোৰ এক বৃহত্তৰ অঞ্চল চেঙামাৰি।
এই চেঙামাৰি অঞ্চলটোৰ এক বহুদিনীয়া অভাৱ আছিল এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আজি অঞ্চলটোৰ ৰাইজৰ অভাৱ পুৰ্ণ কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।১কোটি ২০লাখ টকা ব্যয়ৰে নিৰ্মাণ হ`ব লগা অত্যাধুনিক চেঙামাৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

বিধায়ক পদ্ম হাজৰিকা অঞ্চলতটোক শিশু গায়ন বায়ন আৰু ঝুমুৰ দলে সভাস্থলীলৈ আদৰি নিয়ে।অঞ্চলটোৰ শতাধিক ৰাইজৰ উপস্থিতিত মাংগলিক উৰুলি ধ্বনিৰ মাজেৰে বিধায়ক হাজৰিকাই স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে।
এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিধায়ক গৰাকীয়ে কয় বৰ্তমান চৰকাৰে অসমত উন্নয়নৰ ক্ষেত্ৰত বিজয় ধ্বজা উৰুৱাইছে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত ,চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে যাৰ ফলত এই অঞ্চলত আজি অত্যাধুনিক স্বাস্থ্য কেন্দ্ৰ লাভ কৰিবলৈ সক্ষম হৈছে।বিধায়ক হাজৰিকাই যুৱক যুৱতী সকলকো আহ্বান জনাই যে কৰ্ম বিমুখ নহৈ কাম কৰক মাত্ৰ চৰকাৰী চাকৰিৰ আশাত নাথাকি স্বনিৰ্ভৰশীল হৈ বজাৰ আৰু পথাৰ দখল কৰি অৰ্থনৈতিক ভেটি গঢ়িবলৈ আহ্বান জনায় যুৱক যুৱতী সকলক।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.