চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই অসম দৰ্শন আঁচনিৰ পৰা সমষ্টিটোলৈ ২৫ লাখ টকা প্ৰদান

0 278

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন পৰিদৰ্শন কৰে। অসম দৰ্শন আঁচনিৰ জৰিয়তে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ নামঘৰ সমূহ বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰিবলৈ জামুগুৰিহাটৰ ১০ টা নামঘৰলৈ আঢ়ৈ লাখ টকাকৈ সৰ্বমুঠ ২৫ লাখ টকাৰ নগদ ধন প্ৰদান কৰে ।এই সম্পৰ্কে বিধায়কগৰাকীয়ে কয় যে – অসম দৰ্শন আঁচনিৰ জৰিয়তে যি সকল ৰাইজে বিভিন্ন নামঘৰসমূহ বিজ্ঞানসন্মতভাবে গৃহ নিৰ্মাণৰ বাবে আজি আবন্টিত ধন ললে তেওঁলোকে যেন আটকধুনীয়াকৈ নামঘৰ নিৰ্মাণ কৰি সমষ্টিটোৰ উন্নয়নৰ দিশত হাত আগবঢ়ায় যেন । উক্ত আবন্টিত ধন প্ৰদান অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি, নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, নৱ নিযুক্ত পৌৰপতিৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.