চতিয়া সমষ্টি বিধায়ক পদ্ম হাজৰিকাৰ হাতৰে কৰ্মসংস্কৃতিৰ জৰিয়তে কৃষি বিপ্লৱ সুচনা কৰা আত্মসহায়ক গোটৰ কৃষিপামৰ শুভ উদ্বোধন

0 374

চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ অধীনৰ চমাৰ দলনিত আত্মসহায়ক গোটৰে স্বনিৰ্ভৰশীলৰ দিশে এখোজ আগবাঢ়িব খোজা কৃষি বিকাশ আত্মসহায়ক গোটৰ কৃষিপামৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ যুৱক যুৱতীক সংঘবদ্ধ ভাৱে স্বনিৰ্ভৰশীল হোৱাৰ বাবে চমাৰদলনীত কৃষি বিকাশ আত্মসহায়ক গোটে এক পৰিবেশ ৰচনা কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰ্মসংস্কৃতিৰ জৰিয়তে গাৱে-ভূঞে মৎস্য, দুগ্ধ আদিকে ধৰি উৎপাদনমুখী হোৱাৰ পৰিকল্পনাৰ প্ৰেৰণাৰে গঢ়ি উঠিছে চমাৰদলনীৰ যুৱকৰ কৃষি বিকাশ আত্মসহায়ক গোটৰ কৃষিপাম ৷কালি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কৃষিপামখন শুভ উদ্বোধন কৰে ৷ উন্মোচনী অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাৰ লগতে বিশ্বনাথৰ উপায়ুক্ত মুনিন্দ্ৰ ঙাটে , জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া, চতিয়া উন্নয়ন খণ্ড বিষয়া পলক শৰ্মা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, নাগশংকৰ জিলা পৰিষদৰ সদস্য হিতেশ বৰুৱা, দক্ষিন নাগশংকৰ গোৰ্খা সমাজৰ সভানেত্ৰী পাৰ্বতী শৰ্মাই উপস্থিত হৈ মৎস্য , দুগ্ধ উৎপাদন কৰি কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ আত্মসহায়ক গোটক সাহস আৰু প্ৰেৰণা যোগায় । লগতে বিধায়ক গৰাকীয়ে সকলোকে সংঘবদ্ধ হৈ কৰ্মসংস্কৃতিৰ জৰিয়তে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ লগতে জামুগুৰিহাটৰ গমেৰিপাল হৈ নাগশংকৰ সংযোগী পথটো সৰ্বমুঠ প্ৰায় ২৬ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া অত্যাধুনিক পথটোত বাবে ৰাইজৰ বিশেষ সহায় সহযোগিতা লাগিব বুলি আহ্বান কৰে বিধায়ক পদ্ম হাজৰিকাই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.