২০১৮ বৰ্ষ বিদায়ৰ দিন সমাগত।আৰু মাত্ৰ এটা দিনৰ পিছতেই এই বৰ্ষই বিদায় মাগিব।চলিত বৰ্ষটোত যদি দৃষ্টি দিও পৰিলক্ষিত হয় যে বছৰটোত বিভিন্ন সংগঠনৰ প্ৰতিবাদ, ধৰ্ণাই সংবাদ শীৰ্ষ দখল কৰিলে।ইয়াৰ সমান্তৰাল ভাৱে অসমৰ বাবে কিছু ভাল কামও হৈ গ’ল।তাৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হ’ল।অসম আৰু অসমীয়াৰ জাতীয় স্বভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা চলিত বৰ্ষতে প্ৰকাশ পালে।ইয়াৰ সমান্তৰালভাৱে নাগৰিকত্ব সংংশোধনী বিধেয়ককলৈ একাংশই মতবিৰোধ কৰা পৰিলক্ষিত হ’ল।দ্বিতীয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাতায়ত,বাণিজ্য,প্ৰতিৰক্ষা তথা যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত সংযোজন ঘটিল দুখনকৈ আন্তৰাষ্ট্ৰীয় মানদণ্ড দলঙৰ।ধলা শদিয়া আৰু বগীবিল দলং মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ল।তৃতীয়তে ক্ৰীড়াৰ ক্ষেত্ৰত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত দেশৰ নাম উজলাই তুলিলে অসম কন্যা হিমা দাসে।হিমাৰ পিছতো ক্ৰীড়াৰ ক্ষেত্ৰত বহুকেইজন প্ৰতিভাৱান খেলুৱৈয়ে বিভিন্ন ক্ষেত্ৰত অসমৰ নাম উজলাই তোলে।চতুৰ্থতে চলচিত্ৰ ক্ষেত্ৰখনলৈ সুনাম কঢ়িয়ালে ৰীমা দাসে ।ৰীমা দাসৰ ছবিয়ে অস্কাৰৰ বাবে অফিচিয়েল এণ্টি লাভ কৰে।পঞ্চমতে,চলিত বৰ্ষতে মুখ্য ন্যায়ধীশৰ পদত অধিষ্ঠিত হ’ল ৰঞ্জন গগৈ।তেখেত অসমৰ প্ৰথমজন মুখ্য ন্যায়াধীশ ।ষষ্ঠতে অৰুণাচল প্ৰদেশত তৃতীয় ভাষাৰ মৰ্য্যদা পালে অসমীয়া ভাষায়ে।ইয়ে অসমীয়া ভাষা বিকাশৰ লগতে সমন্বয়ৰ বাৰ্তা বহন কৰে।এয়া আছিল চলিত বৰ্ষত হোৱা কেইটামান উল্লেখযোগ্য ইতিবাচক খবৰ ।এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব www.nefocus.com.
Trending
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা
- টপচেম চিমেন্টে চকুৰ ছানি পৰা অস্ত্ৰোপচাৰ আৰু চকু পৰীক্ষা শীর্ষক ৮ম সংখ্যক শিবিৰ আয়োজন
- Inauguration of STEM Education Lab and Vasundhara Soil Organic Carbon Detection Laboratory cum Manufacturing Unit NECTAR Office
- কোকৰাঝাৰত ষষ্ঠ অনুসূচী পৰিষদৰ সাংবাদিক সন্মিলন সম্পন্ন
- ১ ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ সঠিক নথিপত্ৰ নথকা বাহনৰ বিৰুদ্ধে অভিযান চলাব পৰিবহণ বিভাগে
- মিজোৰামত ভ্ৰমণ কৰিবলৈ গৈ পৰ্যটন ক্ষেত্ৰত ৪০ গৰাকী লোকক বিনামূলীযয়াকৈ চিকিৎসা সেৱা আগবঢ়ালে গুৱাহাটীৰ দুই জ্যেষ্ঠ চিকিৎসকে
- এডভান্টেজ অসম ২.০ৰ প্ৰচাৰৰ অংশ হিচাপে কলকাতাত বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ