দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ বিলখনৰ সেউজীয়া আবেশৰ মাজত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাৰেৰহণীয়া কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক চানডুবি উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। ২০২৩ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা উক্ত উৎসৱৰ আজি আনুষ্ঠানিকভাবে লাইখুঁটা স্থাপন কৰা হয় ৷ বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মী সকলৰ উপস্থিতিত উদযাপন সমিতিৰ সম্পাদক দীপজ্যোতি বাৰ্চুঙে আঁতধৰা অনুষ্ঠানটিত লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই ৷ দাইখুটা স্থাপন কৰি ভাষণত ৰাভাই কয় যে – চানডুবি উৎসৱে প্ৰকৃতি সংৰক্ষণৰ হেতু এক ইতিবাচক সচেতনতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত চৰকাৰ কিম্বা সংশ্লিষ্ট কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলে চানডুবিৰ জৈৱ বৈচিত্ৰ্যই এক স্বকীয় গতি লাভ কৰাৰ উপৰি স্বনিৰ্ভৰশীলতাৰো বাট মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে পাৰিষদ ৰাভাই। উল্লেখ্য যে- প্ৰকৃতি প্ৰদত্ত মনোৰম বিলখনৰ অপূৰ্ব নান্দনিকতাৰ মাজত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত পৰম্পৰাগত থলুৱা লোকাচাৰ, প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ণিল লোককৃষ্টিৰ সমাহাৰেৰে উৎসৱটি উদযাপন কৰা হ’ব ৷ বিশেষকৈ ইয়াৰ জৰিয়তে গণসচেতনতা বৃদ্ধি আৰু এক উল্লেখনীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা উৎসৱৰ লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানত দেৱজিত নাফা, অশোক নংবাগ, বিচিত্ৰ ৰাভা, জীৱন ৰাভাকে ধৰি আঞ্চলিক আৰছুৰ সভাপতি কমলেশ্বৰ ৰাভা তথা উৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ চিনাল উপস্থিত আছিল ৷ আনহাতে, ৰাভা লোককৃষ্টি প্ৰদৰ্শনেৰে উপভোগ্য হৈ উঠে মাংগলিক অনুষ্ঠানটি৷
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign