চিকিৎসক হোৱাৰ লক্ষ্যৰে কটনত নামভৰ্তি কৰিব নৱম স্থানপ্ৰাপক গুৱাহাটী বিশ্ববিদ্যালয় মডেল ইংলিছ স্কুলৰ ছাত্ৰী ,খানামুখৰ অনসুয়া ঠাকুৰীয়াই

0 326

গুৱাহাটী বিশ্ববিদ্যালয় মডেল ইংলিছ স্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নৱম স্থান অধিকাৰ কৰা অনসুয়া ঠাকুৰীয়াই চিকিৎসক হোৱাৰ লক্ষ্যৰে কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব । আনকি গড়ে দৈনিক মাত্ৰ তিনি ঘন্টাহে অধ্যয়ন কৰিছিল । আনকি পৰীক্ষা বুলিও কোনো ধৰণৰ অতিৰিক্ত টেনশ্যন নোলোৱাকৈ পাঠ্যক্ৰমৰ কিতাপৰ সমান্তৰালভাৱে বিশিষ্ট সাহিত্যিক আৰু মহৎ লোকৰ কিতাপ সমূহো অধ্যয়ন কৰি গৈছিল । এইদৰে সাংবাদিকৰ আগত আজি সদৰি কৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ নৱম স্থান লাভ কৰা তথা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খানামুখ নিবাসী অনসূয়া ঠাকুৰীয়াই । অনসূয়াই কয় তেওঁ নিয়মীয়াভাবে যিখিনি অধ্যয়ন বা পঢ়ি গৈছিল সেইখিনি একেবাৰে মনত ৰাখি গৈছিল । পাঠ্যক্ৰমৰ কিতাপ পঢ়াৰ মাজত বাহিৰা কেবাজনো ইংৰাজী আৰু অসমীয়া বিখ্যাত লেখকৰ কিতাপো নিয়মীয়াভাবে পঢ়িছিল । তাৰ ভিতৰত ডঃ হীৰেণ গোহাঁই , ডঃ ভবেন্দ্ৰ নাথ শইকীয়া , নিৰুপমা বৰগোহাঞি , ইংৰাজী লেখকৰ ভিতৰত জে কে ৰাউলিং , ৰিও ডাল আদি । আনহাতে বাহিৰা কিতাপ পঢ়াৰ অভ্যাস থকাৰ পাছতো পিতৃ তথা নলবাৰী জিলাৰ টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ ছবিন ঠাকুৰীয়া আৰু মাতৃ তথা জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ নন্দিতা শৰ্মা ঠাকুৰীয়াই কোনোদিনে হকাবাধা কৰা নাছিল । ইফালে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হলেও কোনো বিষয়ত টিউচন নোলোৱাকৈ পঢ়িছিল । অৱশ্যে কিবা বুজি নাপালে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়ত্ৰীৰ সহায় লোৱাৰ লগতে ঘৰত মাতৃক সুধিছিল । উল্লেখযোগ্য যে অনসূয়াই গণিত , উচ্চ গণিত , ইংৰাজী আৰু বিজ্ঞান বিষয়ত ১০০ ৰ ভিতৰত ১০০ নম্বৰত লাভ কৰাৰ বিপৰীতে অসমীয়াত ৯৩ আৰু সমাজ বিজ্ঞান বিষয়ত ,৯৬ নম্বৰ লাভ কৰে । ইফালে ২০১২ চনত স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয় মডেল ইংলিছ স্কুলৰ দহ বছৰীয়া ইতিহাসত প্ৰথম বাৰৰ বাবে স্থান লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা বাবে ফলাফল ঘোষণা হোৱাৰ পাছতে অনসূয়া ঠাকুৰীয়াক প্ৰধান শিক্ষয়ত্ৰী মুন্নী ডেকাকে ধৰি বিদ্যালয়ৰ শিক্ষক – শিক্ষয়ত্ৰী সকলে বিপুলভাবে আদৰণি জনায় ।
প্ৰধান শিক্ষয়ত্ৰী মুন্নী ডেকাই জানিবলৈ দিয়া মতে সীমিত সা – সুবিধাৰ মাজতো বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । এইবেলি মুঠ ৩৭ জনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ৩৫ জন উত্তীৰ্ণ হয়।তাৰ ভিতৰত ২৫ জনে প্ৰথম আৰু ১০ জনে দ্বিতীয় বিভাগ লাভ কৰে । তেনেদৰে ৭ জনে ডিষ্টিংছন আৰু ১০ জনে ষ্টাৰ নম্বৰ লাভ কৰে । তেনেদৰে চাৰিজনে গণিতত ১০০ , উচ্চ গণিতত ১০০ ,এজনকৈ শিক্ষাৰ্থীয়ে ইংৰাজী আৰু বিজ্ঞান বিষয়ত ১০০ নম্বৰ লাভ কৰে।
বাতৰি যুগুতালে জিতুমণি দাসে।

Leave A Reply

Your email address will not be published.