গুৱাহাটীৰ লখৰাৰ সমীপৰ সোণাইঘুলি নিবাসী আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা এইবেলি এম ডি ( পেথ’লজী ) পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা বাবে মেধাৱী ছাত্ৰী ডাঃ উপাসনা কলিতাক ২৮ জুনৰ সন্ধিয়া নিজ বাসগৃহত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা উপস্থিত হৈ সম্বৰ্ধনা জনায় । বিধায়ক কলিতাই ডাঃ উপাসনা কলিতাৰ উজ্বল ভৱিষ্যত কামনা কৰি আগন্তক দিনত যাতে তেওঁ মানৱ সেৱা আগবঢ়াই সমাজক উপকৃত কৰিব পাৰে তাৰ কামনা কৰে । অনুষ্ঠানটোত গুৱাহাটী পৌৰ নিগমৰ স্থানীয় পাৰিষদ বিজু মেধি , সমাজকর্মী নকুল কলিতা , উপাসনাৰ পিতৃ তথা অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডঃ ভূমিধৰ কলিতা , মাতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী ৰেণু ডেকা কলিতাকে ধৰি কিছুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখযোগ্য যে সৰু কালৰে পৰা মেধাৱী ছাত্ৰী হিচাপে সুনাম থকা ডাঃ উপাসনা কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা