ৰঙিয়া নগৰত পহিলা জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক জাতীয় সামগ্ৰী নিষিদ্ধ

0 222


ৰঙিয়া নগৰত স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে
পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ একক ব্যৱহাৰ যোগ্য প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। শেহতীয়াকৈ ৰঙিয়া নগৰত প্লাষ্টিকৰ আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী ৰোধৰ লক্ষ্যৰে প্ৰশাসনে এনে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া পৌৰসভাৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন সাধনাৰ সহযোগত আজি আবেলি নগৰখনত এক সজাগতামূলক সমদল উলিওৱা হয় । সমদলত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশ ,পৌৰপতি অমৰেন্দ্ৰ লহকৰ ,উপ-পৌৰপতি বিদ্যুৎ ডেকা ,কাৰ্যবাহী বিষয়া চম্পক ডেকা ,চিপিঅ নেহাৰ ছামাদ ,কাৰ্যবাহী অভিযন্তা বসন্ত ডেকা, সাধনাৰ সম্পাদক জ্যোতিষ কলিতা লগতে পাৰিষদ তথা বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।ইয়াৰ উপৰি নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী তথা গ্ৰাহকসকলৰ মাজত সজাগতামূলক জাননী বিতৰণ কৰা হয় । ইয়াৰ অনুসৰি ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত এলেকাত Plastic Waste Management ( Amendment ) Rules 2021 অধীনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী যেনে- প্লেট , কাপ , গিলাছ , চামুচ , প্লাষ্টিকৰ ষ্টিক থকা এয়াৰ বাড , বেলুনত লগোৱা প্লাষ্টিকৰ ষ্টিক , প্লাষ্টিকৰ পতাকা , কেণ্ডি , আইচক্রীম আদিৰ ষ্টীক , প্লাষ্টিকৰ সামগ্ৰী আদিৰ প্ৰস্তুতকৰণ , আমদানি , মজুতকৰণ , বিতৰণ , বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।ৰঙিয়া পৌৰসভাই অহা পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰিছে । সেই অনুসৰি সৌন্দর্যবৰ্দ্ধনৰ বাবে থার্মকল ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে । তদুপৰি মিঠাইৰ বাকচ , নিমন্ত্ৰণী পত্ৰ আৰু চিগাৰেটৰ পেকেটৰ ওপৰত ফিল্ম মেৰিওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । লগতে ১০০ মাইক্ৰণতকৈ কম ঘনত্বৰ প্লাষ্টিকৰ বেনাৰো নিষিদ্ধ কৰা হৈছে । তাৰ পৰিৱৰ্ত্তে মাটি অথবা কাগজৰ কাপ , প্লেট , বাতি আৰু কাপোৰৰ বেগ ব্যৱহাৰ ও বিক্ৰীৰ ব্যৱস্থা কৰাৰ আহ্বান জনোৱা হৈছে। নিষেধাজ্ঞা অমান্য কৰা লোকক এহেজাৰ টকাৰ পৰা পাঁচ হেজাৰ টকালৈ জৰিমণা লগতে অনুজ্ঞা পত্ৰও বাতিল কৰা হব বুলি প্ৰশাসনৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে। নগৰখনত একক ব্যৱহাৰ যোগ্য প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ মহকুমাধিপতি সুৰেশে ৰাইজলৈ আহ্বান জনাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.