দেশজুৰি ক’ভিড – ১৯ মহামাৰীৰ বিৰুদ্ধে চলি থকা যুজখনত আন আন সহস্ৰ বাহিনীৰ দৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফেও সহযোগিতা আগবঢ়াইছে । ইয়াৰ অংশহিচাপে পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৫ মে’ৰ পৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত ১৮ – ৪৫ বছৰ বয়সৰ লোকসকলৰ বাবে অনুষ্ঠিত হৈ আছে ক’ভিড – ১৯ ৰ প্ৰতিষেধকৰ ভেকচিন বা টীকাকৰণ শিবিৰ । আজি বিয়লি পৰ্যন্ত শিবিৰত সাতোটা দিনত ৬০০ জনতকৈ অধিক লোকক প্ৰথম পৰ্যায়ৰ ভেকচিন দিয়া হৈছে । আনহাতে শিবিৰত আজি প্ৰায় দুবছৰ পূৰ্বে ২০১৯ চনৰ ২৭ মে’ত ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ আক্ৰমণত আঁহত হৈ ১৩ জুনত নতুন দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা চি আৰ পি এফৰ ২০৯ কবৰা বেটেলিয়ানৰ শ্বহীদ জোৱান আৰু কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত ডিমু পালাৰা গাওঁৰ বাসিন্দা সুনীল কলিতাৰ পত্নী পদুমী কলিতাক ভেকচিন প্ৰদান কৰি সন্মান যচা হয় । শিবিৰত শ্বহীদ জোৱান জনৰ ভাতৃ – ভগ্নীকো ভেকচিন প্ৰদান কৰা হয় । ভেকচিন প্ৰদানৰ সময়ত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ঠাকুৰ , ডেপুটী কমাণ্ডেণ্ট মনোজ সিং উপস্থিত থাকে । আনহাতে ভেকচিন গ্ৰহণৰ পাছত পদুমী কলিতাই সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত ভেকচিন লৈ অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে বিবাহৰ মাত্ৰ এমাহৰ পাছতে স্বামী শ্বহীদ হলেও বিগত প্ৰায় দুটা বছৰত চি আৰ পি এফৰ ফালৰ পৰা বিশেষকৈ ১৭৫ বেটেলিয়ানে তেওঁক সকলো ক্ষেত্ৰতে সহায় – সহযোগ আৰু উৎসাহিত কৰি আহিছে বুলি ব্যক্ত কৰে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা