কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস বেটেলিয়ানৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত ২১ জুনত দিবা – নৈশ কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা বাহিনীটোৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড – ইন – কমাণ্ড অমিত সিনহা আৰু মুকুণ্ড মোহন, সহকাৰী কমাডেণ্ট জয় প্ৰকাশ , চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি বাহিনীটোৰ বিষয়া – জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সৈনিক সন্মিলনখন অনুষ্ঠিত হয় । সন্মিলনত সম্বোধন কৰে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই । তেওঁ চি আৰ পি এফ বাহিনী গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু সকলোকে নিয়মানুবৰ্তিতা মানি চলিবলৈ আহবান জনায় । সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ উপ মহা পৰিদৰ্শক অনিল কুমাৰ ধ্যানি আৰু তেওঁৰ সহধৰ্মীনি , কমাডেণ্ট ৰাজীব কুমাৰ ঝাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে। আনহাতে সাংস্কৃতিক কাৰ্যসূচীত বাহিনীটোৰ কেবাজনো বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সন্তানে দেশপ্ৰেমমূলক নৃত্য, গীত আৰু আলেখ্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram