চৰ্চাত এখন বিদ্যালয়..

0 188


অসমৰ এখন চৰকাৰী বিদ্যালয়। সম্প্ৰতি এই বিদ্যালয়খনে চ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

ডিব্ৰুগড়ৰ শিলকচুবাম অঞ্চলত থকা চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দৃষ্টিনন্দন ৰূপে সকলোকে আকৰ্ষিত কৰিছে। উল্লেখযোগ্য যে অলপতে বিদ্যালয়খনৰ গুণোৎসৱ উপলক্ষে বহি:মূল্যায়ক হিচাপে যোৱা গুণদ্বীপ চেতিয়াই চ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ লগে পোষ্টটো ভাইৰেল হৈ পৰিছে। বিদ্যালয়খনৰ প্ৰতিচ্ছবিয়ে চৰকাৰী অনুদান যে সদ ব্যৱহাৰ‌ হৈছে তাৰেই নিদৰ্শন দাঙি ধৰিছে। স্মৰ্তব্য যে বিদ্যালয়খনৰ কেৱল‌ আন্তঃগাথঁনিয়েই নহয়,ছাত্ৰ ছাত্ৰীসকলৰ‌ শৃংখলাবদ্ধতা আৰু জাতীয় দায়বদ্ধতাই বিদ্যালয়খনক লেখত ল’বগীয়া কৰি তুলিছে।

Leave A Reply

Your email address will not be published.