ছেফৰ চতুৰ্বিংশতিতম সন্মিলন সম্পন্ন

0 143

ছ’চাইটি ফৰ অটোমোটিভ ফিটনেছ এণ্ড এনভাইৰণমেণ্ট চমুকৈ ছেফ (SAFE)ৰ চতুৰ্বিংশতিতম অধিবেশনৰ দ্বিতীয় তথা অন্তিমদিনা আজি প্ৰযুক্তিগত কৰ্মশালা অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত অনুষ্ঠিত এই অনুষ্ঠানটিত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। চাৰিখন আলোচনা চক্ৰৰে অনুষ্ঠিত কৰা কৰ্মশালাখনৰ উদ্বোধনী আলোচনা চক্ৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ মহা পৰিদৰ্শক জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। ভাষণ প্ৰসংগত পৰিসংখ্যামূলক তথ্য দাঙি ধৰি শ্ৰীসিঙে দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰতো সমানে গুৰুত্ব প্ৰদান কৰি পথ সুৰক্ষামূলক ব্যৱস্থাসমূহ আন্তৰিকতাৰে মানি চলিবলৈ সকলোকে আহ্বান জনায়। তেওঁ আৰু কয় যে পথ সুৰক্ষাৰ ক্ষেত্ৰত গাড়ীচালকৰ গুৰুত্ব, বাহনৰ সক্ষমতা, উন্নত যান্ত্ৰিকতাৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহ সম্পৰ্কে সজাগতা অভিযান আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো অতি জৰুৰী আৰু এনেক্ষেত্ৰত SIAM অৰ্থাৎ ভাৰতীয় অটোমোবাইল প্ৰস্তুতকাৰী সমিতিক চৰকাৰৰ লগত সহযোগ কৰিবলৈ আহ্বান জনায়। উদ্বোধনী সত্ৰত বহনক্ষম গতিশীলতা আৰু বাহন ব্যৱস্থাপনা সম্পৰ্কত মাৰুতি ছুজুকী ইণ্ডিয়া লিমিটেডৰ ক’ৰ্পৰেট এফেয়াৰ্ছ হেড আশীষ চুটানী আৰু অসমৰ পৰিবহন বিভাগৰ সচিব আদিল খানে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ছেফৰ সভাপতি সুশান্ত নাইকে আদৰণি ভাষণ প্ৰদান কৰাৰ বিপৰীতে উপ সভাপতি আলোক জেটলীয়ে শলাগৰ শৰাই আগবঢ়ায়।
ইয়াৰ পিছতে ইলেক্ট্ৰনিক বাহন আৰু বহনক্ষম পৰিবহন, জৈৱ ইন্ধন আৰু সেউজ পৰিবহনত ইয়াৰ ভূমিকা আৰু ব্যৱসায় কৰাৰ সুচলতাঃ বাহন পঞ্জীয়ন পদ্ধতি,নীতি, হাই চিকিউৰিটি ৰেজিষ্ট্ৰচন প্লেট, ভেহিকোল লোকেচন ট্ৰেকিং ডিভাইচ বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰসমূহত অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বাণিজ্য আদি বিভাগ আৰু প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ডৰ জ্যেষ্ঠ বিষয়াৰ লগতে বিভিন্ন যান-বাহন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলে ভাগ লয়।
আজিৰ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ এগৰাকী, অসমৰ পৰিবহন বিভাগৰ ৫গৰাকী আৰু গুৱাহাটী যান-বাহন আৰক্ষীৰ ৪গৰাকী কৰ্মচাৰীকে ধৰি মুঠ ১০গৰাকী বিষযা-কৰ্মচাৰীক উৎকৃষ্ট সেৱাৰ বাবে বিভিন্ন শিতানত বঁটা আগবঢ়োৱা হয়।

Leave A Reply

Your email address will not be published.