সামাজিক কৰ্মৰে উদ্ভাসিত হোৱা এজন ব্যক্তিৰ কথাৰে

0 137

আমাৰ সমাজত আজিও এনে কিছুমান ব্যক্তি আছে,যিয়ে নিৰবে সমাজৰ বাবে বহুখিনি কৰি আছে।তেনে এজন ব্যক্তি ভিতৰত বানেশ্বৰ খাউণ্ড অন্যতম।

বিশ্বনাথ জিলাৰ ৰঙামাটিত জন্মগ্ৰহণ কৰা বানেশ্বৰ খাউণ্ড, সম্প্ৰতি মহানগৰীৰ পাটৰকুছিৰ বাসিন্দা।তেখেতে নিয়মীয়াকৈ বিভিন্ন কাকত, আলোচনীত লেখা মেলা কৰাৰ লগতে বিভিন্ন সমাজ হিতৰ অনুষ্ঠান, কৰ্মৰ লগত জৰিত হৈ আছে।অসম ৰাজ্যিক বিদ্যুৎ পৰিষদত এসময়ত কৰ্মৰত হোৱাৰ লগতে নামৰূপৰ তাপবিদ্যুত কেন্দ্ৰত কৰ্মৰত আছিল। ২০০৯ চনত অসম শক্তি উৎপাদন নিগমৰ মুখ্য মহাপ্ৰবন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰে।

বানেশ্বৰ খাউণ্ডে সাহিত্যজগতখন বিভিন্ন প্ৰবন্ধ পাতি লিখি সমৃদ্ধময় কৰিছে। এইগৰাকী সমাজপ্ৰেমী আন দহজনৰ বাবে আদৰ্শ স্বৰূপ হওক আমি জনালো অশেষ শুভকামনা।

Leave A Reply

Your email address will not be published.